গোলাঘাট,7 জুন : পৃথিৱীৰ প্ৰায়বোৰ সভ্যতাৰ সৃষ্টি হৈছিল একো একোখন নদীক কেন্দ্ৰ কৰি। ঠিক একেদৰে গোলাঘাটৰ সভ্যতা গঢ় লৈ উঠিছিল ধনশিৰি আৰু দৈয়াঙৰ সাৰুৱা অৱবাহিকাত । নদীক কেন্দ্ৰ কৰি গোলাঘাটৰ দৈয়াং আৰু ধনশিৰি অৱবাহিকাত গঢ়ি উঠিছিল কছাৰী সভ্যতা । তাৰ পাচৰে পৰা সৰুপথাৰ, বৰপথাৰ আৰু গোলাঘাটৰ কাষৰীয়া অঞ্চলত কছাৰী সভ্যতা সংস্কৃতিৰ বিভিন্ন সমল উদ্ধাৰ হৈ আহিছে । পুনৰ ধনশিৰিৰ বুকুত পোৱা গৈছে এক নতুন সন্ধান । প্ৰত্নতাত্বিক যুগৰ সম্পদৰ উমান পোৱা গৈছে ধনশিৰিৰ বুকুত ৷ নদীৰ বুকুত পোত গৈ থকা অৱস্থাত পোৱা গৈছে কেইবাশ বছৰ পুৰণি এখন নাও । গোলাঘাটৰ ৰঙাজান গ্ৰান্টস্থিত শালমৰাটোপৰ ধনশিৰিত উমান পোৱা গৈছে এই আপুৰুগীয়া নাওখনৰ ।
এই সমগ্ৰ বিষয়টো জিলা প্ৰশাসনক অৱগত কৰিছিল স্থানীয় ৰাইজে । তাৰ পাচতেই তৎপৰ ভূমিকা গ্ৰহণ কৰি জিলা প্ৰশাসনে এটা দলক অনুসন্ধানৰ বাবে পঠাইছিল ৷ পাচত বিধায়ক মৃনাল শইকীয়া আৰু SDRF ৰ নেতৃত্বতো নাওখনৰ উদ্ধাৰ অভিযান চলোৱা হয় । অৱশ্যে প্ৰতিকূল বতৰৰ বাবে বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আপুৰুগীয়া নাওখন । কছাৰী শাসনৰ পাচতেই নাওখন ৰজাদিনীয়া বুলি সন্দেহ কৰা হৈছে । প্ৰায় পঞ্চাশ ফুট দীঘল নাওখন এজোপা গছেৰে নিৰ্মাণ কৰাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে প্ৰায় তিনিশৰ পৰা চাৰিশ বছৰ পুৰণি বুলিও প্ৰকাশ কৰিছে পৰিৱেশ কৰ্মীসকলে ৷