ETV Bharat / state

লক ডাউনৰ বাবে বৃন্দাবনত আবদ্ধ খুমটাইৰ 30 জন তীৰ্থযাত্ৰী

author img

By

Published : Apr 20, 2020, 2:47 PM IST

যোৱা 8 মাৰ্চৰ পৰা উত্তৰপ্ৰদেশস্থিত বৃন্দাবনত আবদ্ধ হৈ পৰিছে খুমটাইৰ বৰফলং চাহ বাগিছাৰ পৰা তীৰ্থযাত্ৰাৰ বাবে যোৱা এটা 30 জনীয়া দল ৷

30 pilgrims from Assam blocked at Brindaban due to Lockdown
লক ডাউনৰ বাবে বৃন্দাবনত আবদ্ধ খুমটাইৰ 30 জন তীৰ্থযাত্ৰী

খুমটাই,20 এপ্ৰিল: কৰ'ণা মহামাৰীৰ বাবে বৰ্তমান দেশজুৰি অব্যাহত হৈ আছে লক ডাউন ৷ কৰ'ণা মহামাৰীৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ উদ্দেশ্যে বাহাল ৰখা এই লক ডাউনৰ সময়ছোৱাত দেশৰ বিভিন্ন ঠাইত আবদ্ধ হৈ পৰিছে বিভিন্ন কামৰ উদ্দেশ্যেৰে অসমৰ পৰা বাহিৰলৈ যোৱা বহু লোক ৷ সমান্তৰালকৈ লক ডাউনৰ বাবে যোৱা 8 মাৰ্চৰ পৰা উত্তৰপ্ৰদেশস্থিত বৃন্দাবনত আবদ্ধ হৈ পৰিছে খুমটাইৰ বৰফলং চাহ বাগিছাৰ পৰা তীৰ্থযাত্ৰাৰ বাবে যোৱা এটি 30 জনীয়া দল ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ ধৰ্মজ্যোতি আঁচনিৰ জৰিয়তে বিগত 8 মাৰ্চত বৃন্দাবনলৈ গৈছিল খুমটাইৰ বৰফলং চাহ বাগিচাৰ 30 জনকৈ লোক ৷ সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰীয়ে লক ডাউনৰ ঘোষণা কৰাত এতিয়া ঘৰলৈ আহিব পৰা নাই তীৰ্থযাত্ৰীসকল ৷ বৃন্দাবনত আবদ্ধ হৈ থকা যাত্ৰীসকলে এতিয়া খোৱা বোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে টকা পইচাৰ ক্ষেত্ৰটো সন্মুখীন হৈছে সমস্যাৰ ৷ যাৰ বাবে শীঘ্ৰে তেওঁলোকক নিজ গৃহলৈ অহাৰ ব্যৱস্থা কৰি দিবৰ বাবে অসম চৰকাৰলৈ আহ্বান জনাইছে দলটোৱে ৷ আনহাতে কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈয়েও পত্ৰৰ জৰিয়তে তীৰ্থযাত্ৰালৈ যোৱা লোকসকলক ঘৰলৈ ঘূৰাই আনিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ আনহাতে উত্তৰপ্ৰদেশ চৰকাৰে তেওঁলোক অহাৰ ক্ষেত্ৰত সহায়ৰ আশ্বাস দিছে যদিও তেওঁলোকে বাট চাই আছে অসম চৰকাৰৰ অনুমতিলৈ ৷ এনেকৈ আৰু কেইদিনমান থাকিবলগীয়া হ’লে অনাহাৰে থাকি তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব বুলিও জনাইছে তীৰ্থযাত্ৰীসকলে ৷

লগতে পঢ়কঃ পুৰণিগুদাম আঞ্জুমান-ই-ইছলামীয়াই নিষিদ্ধ কৰিলে তবলীগ জামাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.