গোলাঘাট, 7 মাৰ্চঃ গোলাঘাটত ফাকুৱা উৎসৱত আবিৰ আৰু ৰাসায়নিক দ্ৰৱ্য মিহলি ৰং বিক্ৰী কৰা আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি। গোলাঘাট জিলা প্ৰশাসনে 144 ধাৰা আৰোপ কৰি এই নিষেধাজ্ঞা জাৰি কৰিছে। বিশ্বজুৰি কৰোণা ভাইৰাছৰ আতংক বিয়পি থকাৰ সময়তে গোলাঘাট জিলাৰ অতিৰিক্ত দণ্ডাধীশে এই নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰশাসনৰ নিষেধাজ্ঞা নামানিলে আইপিচি 188 ধাৰাৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। ৰাইজৰ অপকাৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু সজাগতাৰ হেতু এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অতিৰিক্ত উপায়ুক্ত খনিন দাসে। উল্লেখ যে, বনৌষধিৰ আৰু বিভিন্ন ফুলৰ পৰা তৈয়াৰী ৰং বিক্ৰীৰ কোনো বাধা নাই বুলিও জানিবলৈ দিয়ে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে।
![Golaghat Administration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-801-7march-144holi-vis-byte-7205572_07032020143501_0703f_01031_389.jpg)
![Golaghat Administration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-801-7march-144holi-vis-byte-7205572_07032020143501_0703f_01031_120.jpg)
![Golaghat Administration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-801-7march-144holi-vis-byte-7205572_07032020143501_0703f_01031_1000.jpg)