ETV Bharat / state

Witch Hunting in Goalpara: গোৱালপাৰাত ডাইনী সন্দেহত মহিলাক হত্য়া

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 3:44 PM IST

ডাইনী প্ৰথাৰ দৰে মধ্যযুগীয় অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত এখন গাঁও । ডাইনীৰ অন্ধবিশ্বাসৰ বলি হৈ পুনৰ কৰুণ মৃত্যুক সাবটি ললে প্ৰাণেশ্বৰী ৰাভা নামৰ ৬৫ বছৰীয়া মহিলাই । একাংশ উন্মাদ লোকে ডাইনীৰ সন্দেহত প্ৰাণেশ্বৰী ৰাভাক হাত ভৰি বান্ধি নিৰ্মম অত্যাচাৰ চলাই হত্যা কৰি পেলাই থৈ গল শ্মশানত । বুধবাৰে পুৱা হাত ভৰি বন্ধা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে ।

Woman killed in suspicion of witch in Goalpara
গোৱালপাৰাত ডাইনী সন্দেহত মহিলাক হত্য়া

গোৱালপাৰাত ডাইনী সন্দেহত মহিলাক হত্য়া

গোৱালপাৰা,১৩ ছেপ্টেম্বৰ: গোৱালপাৰাত পুনৰ ডাইনী সন্দেহত হত্যা এগৰাকী ৬৫ উৰ্ধৰ মহিলাক । এফালে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়ন, আনফালে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ । এফালে পোহৰ আনফালে অন্ধকাৰ । আধুনিক বিজ্ঞানৰ পোহৰে মধ্যযুগীয় অন্ধবিশ্বাসৰ অন্ধকাৰ আঁতৰাই আহিছে । কিন্তু আজিও বিজ্ঞানে পোহৰাব পৰা নাই বহুতৰে মন-মানসিকতা । পুনৰ ডাইনী সন্দেহত এগৰাকী ৬৫ ৰ উৰ্ধৰ মহিলাক হত্যা ।

জানিব পৰা মতে, গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৰ ছাটাবাৰী ৰাজহুৱা শ্মশানত বুধবাৰে পুৱাৰ ভাগত এগৰাকী মহিলাৰ মৃত্যুদেহ উদ্ধাৰ হয় । মৃত মহিলা গৰাকীৰে নাম প্ৰাণেশ্বৰী ৰাভা । মঙলবাৰে সন্ধিয়াৰ ভাগত পথাৰত গৰু আনিবলৈ গৈ নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী । নিশালৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ নাপাই উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে আৰক্ষীৰে কাষ চাপে ।

হঠাৎ পুৱাৰ ভাগত ছাটাবাৰী ৰাজহুৱা শ্মশানত হাত-ভৰি বন্ধা অৱস্থাত প্ৰাণেশ্বৰী ৰাভাৰ মৃত্যুদেহ উদ্ধাৰ হয় । নিহত মহিলাগৰাকী হৈছে আজিৰ পৰা ২২ বছৰ আগত ডাইনী সন্দেহত নাগুৱাপাৰা গাঁৱৰ পৰা খেদি পঠোৱা ৰানেশ্বৰী ৰাভাৰ জ্যেষ্ঠ ভগ্নী প্ৰাণেশ্বৰী ৰাভা । ছাটাবাৰী গাঁওৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো হিলছত বিয়া হৈছিল ৰানেশ্বৰী ৰাভাৰ ।

ৰানেশ্বৰী ৰাভাৰ পৰিয়ালক পিতৃ গৃহৰ সকলোকে ডাইনী সন্দেহত বিভিন্ন সময়ত অত্যাচাৰ চলাই আহিছিল গাঁওবাসীয়ে । কেৱল শাৰিৰীক অত্যাচাৰ কৰি ক্ষান্ত নাথাকি প্ৰাণেশ্বৰী ৰাভাৰ ডাঙৰ ভাতৃক ৭ বছৰ পূৰ্বে ডাইনী সন্দেহত হত্যা কৰিছিল গাঁওবাসীয়ে । ডাইনী বিৰুদ্ধে বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰি অহা মামণি শইকীয়াই কয় যে, প্ৰাণেশ্বৰী ৰাভাক ডাইনী সন্দেহত হত্যা কৰা হৈছে ।

যোৱা যোৱা ২২ বছৰ পূৰ্বে প্ৰাণেশ্বৰী ৰাভাৰ ভগ্নী ৰানেশ্বৰী ৰাভাক ডাইনী সন্দেহত নাগুৱাপাৰ গাঁৱৰ ৰাইজে গাঁওখনৰ পৰা খেদি পঠোৱাত প্ৰাণেশ্বৰী ৰাভাই নিজ গৃহত আশ্ৰয় দিছিল ভগ্নীক । ৰাণীশ্বৰী ৰাভাক আশ্ৰয় দিয়াই কাল হৈছিল প্ৰাণেশ্বৰী ৰাভাৰ । প্ৰাণেশ্বৰী ৰাভাক ডাইনী বুলি বিভিন্ন সময়ত অত্যাচাৰ চলাই আহিছিল বুলিও উল্লেখ কৰে মামণি শইকীয়াই ।

গাঁওখনৰ একাংশ উন্মাদ লোকে পুৰ্বৰে পৰাই প্ৰাণেশ্বৰী ৰাভাক হত্যা কৰিবলৈ চেষ্টা চলাই আহিছিল যদিও সফল হ'ব পৰা নাছিল । অতি শান্তশিষ্ট,আমায়িক স্বভাৱৰ মহিলাগৰাকীক বৃহস্পতিবাৰে একাংশ অচিনাক্ত দুৰ্বৃত্তই হাত ভৰি বান্ধি নিৰ্মম অত্যাচাৰ চলাই হানিখুঁচি হত্যা কৰি শ্মশানত পেলাই থৈ গৈছিল ।

লগতে পঢ়ক: HSLC exams 2024 : কেতিয়া, কি পদ্ধতিৰে অনুষ্ঠিত হ’ব আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.