গোৱালপাৰা, 26 মে’ : এফালে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা; আনফালে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ । এফালে পোহৰ আৰু আনফালে অন্ধকাৰ । আধুনিক বিজ্ঞানৰ পোহৰে মধ্যযুগীয় অন্ধবিশ্বাসৰ অন্ধকাৰ আঁতৰাই আহিছে । কিন্তু আজিও বিজ্ঞানে পোহৰাব পৰা নাই বহুতৰে মন-মানসিকতা ।
ডাইনীৰ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত এখন গাঁও (Witch Hunting village) । অতীতৰ ভয়লগা দুঃসময়বোৰ পাহৰি জীৱন আৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছে লালমোহন ৰাভা, খেনাই ৰাভাহঁতে । আমি দেখুৱাবলৈ যত্ন কৰিছো গোৱালপাৰা চহৰৰ পৰা প্ৰায় 60 কিঃমিঃ নিলগৰ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী এখন গাঁও । যিখন ডাইনী গাঁও নামেৰে পৰিচিত স্থানীয় গঞা ৰাইজৰ মাজত । গাঁওখন হ’ল মেঘালয়ৰ নাগুৱা পাৰা-খাচি পাৰা গাঁও (Witch Hunting in Assam) ।
প্ৰকৃতিৰ অকৃত্ৰিম মৰমত সেউজীয়া হৈ থকা গাঁওখনৰ মাজতে লুকাই আছে এটি ভয়লগা অতীত । এটা সময়ত শিক্ষাৰ অভাৱত গাঁওখনৰ অধিকাংশ ৰাইজে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ একাংশ লোকক পৰ্যায়ক্ৰমে ডাইনী বুলি চিহ্নিত কৰি অকথ্য নিৰ্যাতন চলাই সমাজচ্যুত কৰিছিল (Women Tortured in The Name of Witch Hunting) ।
ক্ৰমান্বয়ে গাঁওখনৰ নতুন প্ৰজন্মই আধুনিক শিক্ষা গ্ৰহণ কৰাৰ পিচত ডাইনী প্ৰথাৰ দৰে অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ গঞা ৰাইজ মুক্ত হ’বলৈ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হয় যদিও এতিয়াও ডাইনী প্ৰথাৰ দৰে অন্ধবিশ্বাসৰ গ্ৰাসৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা নাই ।
প্ৰায় 15 বছৰ পূৰ্বে বৰ্তমান 90 উৰ্ধৰ লালমোহন ৰাভা আৰু খেনাই ৰাভাক গাঁৱৰ একাংশ লোকে ডাইনী বুলি চিহ্নিত কৰি অকথ্য শাৰীৰিক নিৰ্যাতনৰ চলোৱাৰ লগতে তেওঁলোকক সামাজিকভাৱে বহিস্কাৰ কৰিছিল । পৰৱৰ্তী সময়ত একাংশ শিক্ষিত লোকৰ সহায়ত লালমোহন ৰাভাৰ পৰিয়ালক গাঁৱৰ ৰাইজে সমাজত আঁকোৱালি লৈ গাঁওখনৰ গাঁওবুঢ়াৰ পদত অধিষ্ঠিত কৰোৱাৰ ফলত পৰিয়ালটোৱে স্বাভাৱিক জীৱন ঘূৰাই পাইছিল যদিও উক্ত গাঁৱৰে ৰাণীশ্বৰী ৰাভাই স্বাভাৱিক জীৱন ঘূৰাই নেপালে (Witch Hunting in Assam) ।
ৰাণীশ্বৰীক গাঁৱৰে একাংশ লোকে ডাইনী বুলি চিহ্নিত কৰি গাঁৱৰ পৰা বিতাড়িত কৰিছিল । নিজ সন্তান, নিজ গাঁওখনৰ স্মৃতি সুঁৱৰি আজিও ৰাণীশ্বৰীয়ে চকুলো টুকে । নিজৰ গাঁওখন এৰি ৰাণীশ্বৰীয়ে গোৱালপাৰাৰ কল্যানপুৰৰ এখন উইভিং চেন্টাৰত কৰ্মৰত অৱস্থাত আছে । দুই সন্তানৰ মাতৃ ৰাণীশ্বৰীয়ে সন্তানদ্বয়ৰ মুখখনি চাবলৈ দিন-ৰাতি চটফটাই থাকে যদিও ঘূৰি যাবলৈ নোৱাৰে নিজ গাঁওখনলৈ ।
সৰুৰে পৰা গাঁওখনত ডাঙৰ দীঘল হোৱা ৰাণীশ্বৰীক সমাজৰ একাংশই ডাইনী সজাই বৰ্বৰ ভাবে শাৰীৰিক আক্ৰমণ কৰি বিচ্ছেদ কৰিছিল নিজ স্বামী, নিজ সন্তানৰ পৰা ৷ লগতে খেদি পঠাইছিল গাঁওখনৰ পৰা । এনে বহু পৰিয়ালৰ ডাইনীৰ দৰে অন্ধবিশ্বাসৰ বলি হৈ ধ্বংস হৈছে সুখৰ সংসাৰ । ঘুনীয়া হৈছে বহু পৰিয়াল ।
ডাইনীৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে অকলে যুঁজ চলাই যোৱা ডঃ বীৰুবালা ৰাভাৰ এই অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ অহৰহ প্ৰচেষ্টাৰ ফলত দুই এটা গাঁৱত এই কু-সংস্কাৰ আঁতৰোৱাত সফল হৈছে যদিও বৰ্তমানেও সজাগতা আনিব পৰা নাই মেঘালয়ৰ এই নাগুৱাপাৰা-খাচিপাৰাৰ দৰে বহু গাঁৱত ।
কেতিয়া গাঁওখনক ঢুকি পাব শিক্ষাৰ পোহৰে, কেতিয়া গাঁওখনে সম্পূৰ্ণৰূপে মুক্তি পাব ডাইনীৰ দৰে অন্ধবিশ্বাসৰ পৰা, নে আৰু লালমোহন, খানাই ৰাভা আৰু ৰাণীশ্বৰীহঁতৰ দৰেই ঘৰ থাকিও অঘৰী হৈয়ে থাকিব বহু পৰিয়াল । কেতিয়াবা চৰকাৰৰ সু-দৃষ্টি পৰিব নে ডাইনী গাঁও বুলি অভিহিত হোৱা নাগুৱাপাৰা-খাচিপাৰা গাঁওখনত ।
লগতে পঢ়ক : Witch Hunting in Dhemaji: ধেমাজিৰ বালিগাঁৱত ডাইনী সজাই মহিলাক অমানুষিক অত্যাচাৰ