ETV Bharat / state

বন্যহস্তীৰ উপদ্ৰৱত বিতুষ্ট গোৱালপাৰাৰ ৰাইজ

author img

By

Published : May 5, 2022, 10:16 PM IST

ৰাজ্যত অব্য়াহত আছে হাতী আৰু মানুহৰ সংঘাত (Man Elephant conflict in Assam) ৷ খাদ্যৰ সংকটত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীয়ে গোৱালপাৰাৰ শিমলীতোলা কাণকাটা অঞ্চলত নিতৌ ত্ৰাস সৃষ্টি কৰি আহিছে ৷ খেতি পথাৰত শষ্য অনিষ্ট কৰাৰ লগতে লণ্ডভণ্ড কৰিছে ঘৰ-দুৱাৰ (Wild elephant persecution in Goalpara) ৷

wild-elephant-persecution-in-goalpara
গোৱালপাৰাত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে

গোৱালপাৰা, 5মে’: বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত (Man Elephant conflict in Assam) ৰাজ্যৰ বাবে কোনো নতুন কথা নহয় ৷ দীৰ্ঘদিন ধৰি চলি অহা এই সংঘাত বৰ্তমান সময়ত চিৰাচৰিত ঘটনা হৈ পৰিছে ৷ গোৱালপাৰা, ওদালগুৰি কিম্বা গোলাঘাট ক’ৰ কথা ক’ব ৷ সমূহতেই ৰাইজে সমুখৰ পৰা ভুগি আহিছে এই সংঘাতৰ কুফল ৷

হস্তী-মানুহৰ সংঘাতৰ ফলত ৰাজ্যখনত কেৱল মানুহৰ মৃত্যু হোৱাই নহয়, বহু কেইটা হাতীৰো প্ৰাণ শেষ হৈছে ৷ কিছুদিন আগতে নামনি অসমৰ গোৱালপাৰা জিলাত ত্ৰাস সৃষ্টি কৰি আছিল লাডেন নামৰ এটা হাতীয়ে ৷ লাডেনৰ মৃত্যু হ’ল, কিন্তু গোৱালপাৰাত হাতী-মানুহৰ সংঘাত শেষ নহ’ল ৷

এতিয়াও জিলাখনৰ লোকসকল মুখা-মুখি হৈ আহিছে বন্য হস্তীৰ উপদ্ৰৱৰ ৷ খাদ্যৰ সংকটত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীয়ে শিমলীতোলা কাণকাটা অঞ্চলত নিতৌ ত্ৰাস সৃষ্টি কৰি আহিছে ৷ বৃহৎ হাতীৰ এটা জাকে খেতিপথাৰত শষ্য অনিষ্ট কৰাৰ লগতে লণ্ডভণ্ড কৰিছে ঘৰ-দুৱাৰ (Wild elephant persecution in Goalpara) ৷

হাতী-মানুহৰ সংঘাত কেতিয়াবা প্ৰতিৰোধ হ’ব নে ! বনবিভাগৰ পদক্ষেপ কেতিয়া ফলপ্ৰসূ হ’ব এই সংঘাত ৰোধত ! আৰু কিমান দিনলৈ ! আৰু কিমান টা নিশা উজাগৰে কটালে ৰাইজে সকাহ পাব এই সংঘাতৰ পৰা, এয়া যেন উত্তৰবিহীন প্ৰশ্ন হৈ উঠিছে ৷

লগতে পঢ়ক : কাজিৰঙাত বিজেপি মিত্ৰজোঁট বিধায়ক-সাংসদৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.