গোৱালপাৰা, 10 জুলাই : গোৱালপাৰাৰ জলেশ্বৰত ভয়াৱহ পথ দুৰ্ঘটনা। কাটাৰীহাৰা গৌৰনগৰ সংযোগী পথৰ বাশমূৰাত সংঘটিত হয় এই দুৰ্ঘটনা। দুই বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰ আহত দুই যুৱক। আহত যুৱক দুজন ক্ৰমে ছামছুল আলী আৰু হানিফ আলী ।
দুয়োজনৰে ঘৰ ধুবুৰী জিলাৰ মেদৰটাৰীত বুলি জানিবপৰা গৈছে । স্থানীয় ৰাইজে দুয়োজন আহত যুৱকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে ৷ ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিছে । দুয়োজনকেই উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবী ভিন্নজনৰ