গোৱালপাৰা, 7 জুলাই : গোৱালপাৰাত অসম মিঞা অসমীয়া পৰিষদৰ (Assam Mia Assamiya Council) কেন্দ্ৰীয় সমিতিৰ সভাপতি এম মহৰ আলীৰ বিস্ফোৰক মন্তব্য ৷ আলীয়ে কয়, ‘‘মিঞাসকল খিলঞ্জীয়া নহ'লে অসমৰ কোনো জাতিয়ে খিলঞ্জীয়া নহয়’’ । যোৱা ৫ জুলাইত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ আচহুৱা বুমেৰাং সংজ্ঞা এটা আনিছে । অসমৰ একাংশ মুছলমানক বাদ দি বাকী সকলো খিলঞ্জীয়া বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে । ১০০ বছৰ আগৰ মানুহ খিলঞ্জীয়া । অভিবাসী প্ৰৱজনকাৰী সম্প্ৰদায়ৰ লোক খিলঞ্জীয়া নহয়’’ ।
তেওঁ লগতে কয়, ‘‘মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজকে খিলঞ্জীয়া বুলি দাবী কৰিছে । প্ৰাচীন কামৰূপী জনজাতি মূলীয় মিঞা সকলক খিলঞ্জীয়াৰ তালিকাত কিয় অন্তৰ্ভুক্ত কৰা হোৱা নাই, তাৰ উত্তৰ মুখ্যমন্ত্ৰীৰ শৰ্মাই দিব লাগে । কিয়নো মিঞাসকল খিলঞ্জীয়া নহ'লে অসমৰ কোনেও খিলঞ্জীয়া নহয় । মিঞাৰ মাজত কোনো মাইগ্ৰেটেট সম্প্ৰদায়ৰ লোক নাই । স্বাধীনতাৰ প্ৰাক মুহূৰ্তত মিঞাসকলৰ মাজৰ পৰা কিছু মানুহ পাকিস্তানলৈ গুচি গৈছে’’ ।
লগতে পঢ়ক : অসমৰ একাংশক বাদ দিলে আমি সকলোৱে খিলঞ্জীয়া: হিমন্ত বিশ্ব শৰ্মা
উল্লেখ্য যে, ১৯৪১ চনৰ লোকপিয়ল মতে বৰ অসমত ২৫.৭২ শতাংশ মুছলমান আছিল আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি স্বাধীনতাৰ পাছত অসমৰ পৰা পৃথক হৈ যোৱা ৰাজ্যবোৰৰ মুছলমানৰ জনসংখ্যা ২৫ শতাংশ (Muslim populations in Assam)।
মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম মহৰ আলীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আঙুলিয়াই কয় যে, মিঞাৰ মাজত মাইগ্ৰেটেট চাৰ্টিফিকেট থকাৰ প্ৰমাণ পত্ৰ যদি চৰকাৰৰ ওচৰত আছে তাক প্ৰমাণ কৰি দেখুৱাব লাগে ৷ অন্যথা প্ৰলাপ বকিবলৈ বন্ধ কৰিব লাগে । প্ৰাক স্বাধীনতাৰ উত্তৰ পুৰুষ প্ৰাচীন কামৰূপী জনজাতি মূলীয় খিলঞ্জীয়া মিঞাসকলক খিলঞ্জীয়াৰ তালিকাত অন্তৰ্ভুক্ত কৰিবই লাগিব বুলি দাবী তোলে মিঞা পৰিষদে (Miya council against indigenous status to Assamese speaking Muslim)। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ লগতে মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম মহৰ আলীয়ে ।
উল্লেখ্য যে, পবিত্ৰ ঈদ-উজ-জোহাৰ পূৰ্বে অসমত বসবাস কৰা মুছলমান সম্প্ৰদায়ৰ পাঁচটা উপ-গোটক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিলে অসম কেবিনেটে (Assamese Muslims recognized as a distinct indigenous community)। মুছলমান সম্প্ৰদায়ৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দসকলক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়া হৈছে । ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তকলৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াকে লৈ এতিয়া ৰাজ্যৰ লগতে দেশৰ বহুকেইটা প্ৰান্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়ক : অক্টোবৰৰ পৰা আৰম্ভ হ'ব খিলঞ্জীয়া মুছলমানৰ জৰীপ; প্ৰস্তুত হ'ব বিশেষ আঁচনি