গোৱালপাৰা, ১৮ আগষ্ট: গোৱালপাৰা জিলাৰ লক্ষীপুৰত(Theft at Lakhipur in Goalpara)কেইবাখনো গাঁৱত চোৰৰ তাণ্ডৱে নিদ্ৰাহৰণ কৰিছে গঞাৰ । লক্ষীপুৰৰ ভিন্ন প্ৰান্তত আব্দুল্লা আৰু কুদ্দছ নামৰ দুটা চোৰৰ উৎপাতত অতিষ্ঠ হৈছে ৰাইজ । ৰাইজৰ অভিযোগ অনুসৰি এই দুটা চোৰে জিলাখনৰ গৌৰনগৰ,শালধোৱা,গাইবান্দা,ধূমেৰঘাট আদি অঞ্চলত চলাই আছে চুৰিকাৰ্য ।
উল্লেখ্য় যে যোৱা ৮ আগষ্টৰ নিশা শালধোৱা গাঁৱৰ কেইবাটাও গৃহত চুৰি হৈছিল । উক্ত গাওঁখনৰ ফুলচান হক নামৰ এগৰাকী ব্যাক্তিৰ ঘৰৰ পৰা সোণৰ আ-অলংকাৰৰ লগতে চোৰে চুৰি কৰিছিল প্ৰায় লক্ষাধিক টকাৰ সা-সামগ্ৰী । পিছত গৃহস্থই এটা নাবালক চোৰক কৰায়ত্ত কৰি গতাই দিয়ে ধূমেৰঘাট আৰক্ষীক । অৱশ্য়ে পাছত ধূমেৰঘাট আৰক্ষীয়ে চোৰটোক মুকলি কৰি দিয়ে । আনকি ধূমেৰঘাট আৰক্ষীয়ে চুৰি কাৰ্য সন্দৰ্ভত তৰা গোচৰৰো তদন্ত নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । আনহাতে,চোৰক কৰায়ত্ব কৰাত ধূমেৰঘাট আৰক্ষীয়ে পদক্ষেপ লোৱা নাই বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে ।