ETV Bharat / state

Operation Against Child Marriage : গোৱালপাৰাৰ ডিটেনচন কেম্পত স্বামীক বিচাৰি পত্নীৰ ৰুদ্ৰমূৰ্তি

author img

By

Published : Feb 7, 2023, 7:36 PM IST

গোৱালপাৰাৰ মাটিয়াত থকা ডিটেনচন কেম্পত স্বামীক বিচাৰি পত্নীৰ হাহাকাৰ । উল্লেখ্য এই ডিটেনচন কেম্পতে আছে গোৱালপাৰাকে ধৰি কেইবাখনো জিলাৰ বাল্য বিবাহত অভিযুক্ত স্বামী তথা অভিভাৱকসকল । ধুবুৰীৰ এগৰাকী পত্নীয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে (operation against child marriage in Assam) ।

Goalpara
Goalpara
স্বামীক বিচাৰি গোৱালপাৰা ডিটেনচন কেম্পত পত্নীৰ হাহাকাৰ

গোৱালপাৰা, ৭ ফেব্ৰুৱাৰী : গোৱালপাৰা জিলাৰ মাটিয়াস্থিত ডিটেনচন কেম্পত (ট্ৰেনজিট কেম্প) এক অভাৱনীয় পৰিস্থিতি । বাল্য বিবাহত অভিযুক্তক পৰিয়ালৰ লোকে লগ কৰিবলৈ আহি সৃষ্টি কৰে এক উত্তেজনাময় পৰিস্থিতিৰ । শেহতীয়াকৈ ৰাজ্য চৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে (Assam govt strict against child marriage) ।

আনহাতে, মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বাল্য বিবাহত অভিযুক্ত হাজাৰ হাজাৰ স্বামীসহ অভিভাৱকক (Assam police drive against child marriage) । ইফালে গোৱালপাৰাত বাল্য বিবাহৰ লগত জড়িত তথা অভিযুক্ত ব্যক্তিসকলক ৰখা হৈছে জিলাখনৰ মাটিয়াস্থিত ডিটেনচন কেম্পত (ট্ৰেনজিট কেম্প) । উল্লেখ্য যে নামনি অসমৰ বিভিন্ন জিলাৰ পৰা বাল্য বিবাহত অভিযুক্ত লোকসকলক গোৱালপাৰা জিলাৰ মাটিয়াস্থিত ডিটেনচন কেম্পত (ট্ৰেনজিট কেম্প) ৰখা হৈছে (tense situation in goalpara transit camp) ।

ইফালে আত্মীয় কিম্বা পত্নীয়ে স্বামীক লগ কৰিবলৈ আহি ডিটেনচন কেম্পৰ সন্মুখতে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে । তেনে এক ঘটনাত ধুবুৰী জিলাৰ গোলকগঞ্জৰ পৰা অহা এগৰাকী মহিলাই নিজৰ স্বামীক বিচাৰি এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে । "মোৰ স্বামীক লাগিবই । হিমন্ত বিশ্ব শৰ্মাই এবাৰ জে'লত থাকক, তেতিয়া গম পাব । অৰুণোদয় আঁচনি আমাক নালাগে । চৰকাৰী চাউলো নালাগে । আমাক আমাৰ স্বামীক লাগিবই ।" এই মন্তব্য স্বামীক লগ কৰিবলৈ অহা মহিলা ধুবুৰীৰ মহিলাগৰাকীৰ । উল্লেখ্য যে নামনি অসমৰ ধুবুৰী, বৰপেটা, কামৰূপ, বঙাইগাঁও আদি জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনা বাল্য বিবাহত অভিযুক্ত ব্যক্তিসকলক সাক্ষাৎ কৰিবলৈ শ শ অভিভাৱকে ডিটেনচন কেম্পৰ সন্মুখত সমাগম কৰে ।

উল্লেখ্য, যোৱা ২ ফেব্ৰুৱাৰীৰ নিশাৰ পৰা অসম আৰক্ষী আৰু প্ৰশাসনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহত অভিযুক্তসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । তাৰ পিছৰে পৰাই ৰাজ্যত ক্ষিপ্ৰ গতিত চলি আছে বাল্য বিবাহ-বিৰোধী অভিযান (Child Marriage in Assam) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক কঠোৰ হ’বলৈ নিৰ্দেশ প্ৰদানৰ পিচতেই তৎপৰ হৈ পৰে অসম আৰক্ষী ৷ এই বাল্য বিবাহ-বিৰোধী অভিযানকালত অভিযুক্ত স্বামীকে তথা তেওঁলোকৰ আত্মীয় আৰু অভিভাৱককে ধৰি দুই হাজাৰোধিক অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক : Operation Against Child Marriage: আইনৰ লগতে মানৱীয়তাৰ দিশটোও চাবলৈ পীতাম্বৰ দেৱ গোস্বামীৰ অনুৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.