ETV Bharat / state

গোৱালপাৰা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

author img

By

Published : May 22, 2021, 10:18 PM IST

গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ ৷ চিকিৎসালয়খনৰ কৰ্তৃপক্ষই শনিবাৰে ১৬ ঘন্টা পলমকৈ মৃতদেহ পৰিয়ালৰ লোকক দিয়াত ক্ষোভ একাংশৰ ৷

গোৱালপাৰা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
গোৱালপাৰা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

গোৱালপাৰা, 22 মে' : ৰাজ্যজুৰি কৰ’ণাৰ ভয়াৱহ সংক্ৰংমণে স্তব্ধ কৰি তুলিছে জনজীৱন ৷ প্ৰতিটো জিলাত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে বহু লোকৰ ৷

ৰাজ্য চৰকাৰেও কৰ‘ণাক লৈ বিভিন্ন নীতি নিৰ্দেশনা প্ৰদান কৰাৰ ওপৰিও বিশেষ তৎপৰতা অৱলম্বন কৰি ৰাজ্যৰ মন্ত্ৰীসকলক বিভিন্ন জিলাৰ তদাৰক হিচাবে নিয়োগ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ ঠিক তেনে সময়তে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ হেমাহিৰ ঘটনা পোহৰলৈ আহিছে ৷

চিকিৎসালয়ত কৰ’ণাত আক্ৰান্তৰ মৃত্যু হলে মৃতদেহ চমজাই দিবলৈ নাথাকে এম্বুলেঞ্চ, নাথাকে চিকিৎসক ৷ ছুইপাৰৰ ওপৰত সকলো দায়িত্ব অৰ্পণ কৰা বুলি চিকিৎসালয় কৰ্তৃপক্ষৰ ওপৰত অভিযোগ উত্থাপন কৰা হৈছে ৷

চিকিৎসালয়খনক শনিবাৰে ১৬ ঘন্টা পলমকৈ মৃতদেহ পৰিয়ালৰ লোকক দিয়াত ক্ষোভ উজাৰে একাংশ লোকে ৷ কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ মৃতদেহৰ ক্ষেত্ৰত নাই কোনো ধৰণৰ বিশেষ ব্যৱস্থা ৷

সাধাৰণ ৰোগীৰ মৃতদেহৰ দৰেই পৰিয়ালত দিয়া হয় মৃতদেহ ৷ চিকিৎসালয় কতৃপক্ষই কৰ’ণা মহামাৰীক চূড়ান্ত অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰে গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে ৷

লগতে পঢ়ক : ক'ভিডৰ কৰাল গ্ৰাসত ভাৰতৰ গাঁওসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.