গোৱালপাৰা,31 মে': দেওবাৰে নিশা ৰংজুলি থানাৰ অন্তৰ্গত দৰংগিৰিৰ কাচাদলত সংঘটিত পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত স্কুটি এখনে খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । দুৰ্ঘটনাত নিহত লোক জন ৰংজুলি থানাৰ অন্তৰ্গত দৰংগিৰি-দুৰামাৰী গাঁৱৰ লক্ষ্য ৰাভা বুলি জানিব পৰা গৈছে ।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, লক্ষ্য ৰাভাই দামৰাৰ আত্মীয়ৰ ঘৰৰ পৰা নিজ ঘৰলৈ ওভতাৰ পথত কাচাদলৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা AS-01-DC-9914 নম্বৰৰ ট্ৰাকখনৰ পিছফালে প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷ ঘটনাস্থলীত দৰংগিৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী চকী লৈ লৈ আনে।
লগতে পঢ়ক: মাজনিশা জুৰীয়াত ড্ৰাগছ মাফিয়ালৈ নগাঁও আৰক্ষীৰ গুলী