ETV Bharat / state

ৰাক্ষসিনীত পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ - SMSS

বাট-পথৰ দুৰৱস্থাৰ ফলত দুৰ্ভোগ ভূগি অহা ৰাইজে গোৱালপাৰাৰ ৰাক্ষসিনীত বুধবাৰে পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

protest against government due to poor condition of a road in goalpara assam etv bharat news
ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ
author img

By

Published : Jul 22, 2020, 4:39 PM IST

গোৱালপাৰা,22 জুলাই: গোৱালপাৰাত চৰকাৰৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত ক্ষুব্ধ ৰাইজৰ ৷ দীৰ্ঘদিনে বাট-পথৰ দুৰৱস্থাৰ ফলত দুৰ্ভোগ ভূগি অহা ৰাইজে জিলাখনৰ ৰাক্ষসিনীত বুধবাৰে পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইফালে ধূপতোলাত পথ নিৰ্মাণৰ নামত এগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ তাহেৰ চৌধুৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ চৰকাৰী ধন আত্মসাৎ কৰি দীৰ্ঘদিনে পথ নিৰ্মাণৰ নামত কেলেংকাৰী সংঘটিত কৰি আহিছিল ঠিকাদাৰগৰাকীয়ে ৷ ফলত নিৰ্মীয়মান পথেৰে যাতায়াত কৰি জীয়াতু ভূগিবলগীয়া হৈছে ৰাইজে ৷

ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ

অৱশেষত বিভাগীয় কৰ্তৃপক্ষ,ৰাজ্য চৰকাৰ আৰু ঠিকাদাৰৰ বিৰুদ্ধে অতিষ্ঠ হৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে,২০১৭-১৮ বিত্তীয় বৰ্ষত পথটো নিৰ্মাণৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগে আবণ্টন দিছিল প্ৰায় পাঁচ লাখ টকা । মাটিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত এই পথটো নিৰ্মাণৰ নামত ঠিকাদাৰ তাহেৰ চৌধুৰীয়ে এক লাখৰো কম মূল্য়ৰ কাম কৰি বাকী টকা আত্মসাৎ কৰে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে । কংগ্ৰেছী বিধায়ক এ কে ৰছিদ আলমৰ নেতৃত্বাধীন একাংশ দালালে কংগ্ৰেছী বিধায়কৰ সৈতে মিলি পথটো নিৰ্মাণৰ নামত আবণ্টিত ধন আত্মসাৎ কৰা বুলিও ৰাইজে অন্য এক অভিযোগ উত্থাপন কৰিছে ৷ পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে চাওকঃ চিৰাঙত বান পৰিস্থিতিৰ ভয়ংকৰ ৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.