নগৰবেৰা ,11 এপ্ৰিলঃ বিশ্বনাথ চাৰিআলিৰ ঘটনাৰ বিৰুদ্ধে নগৰবেৰাৰ টুপামাৰীত প্ৰতিবাদী কাৰ্যসূচী। ঘটনাৰ সৈতে জড়িত প্ৰতিজন দোষীক গ্ৰেপ্তাৰ কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তিৰ দাবীত টুপামাৰী আৰক্ষী চকী ঘেৰাও প্ৰতিবাদকাৰীৰ। অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ ধ্বনিত উত্তাল টুপামাৰী আৰক্ষী চকী ।
বিশ্বনাথ চাৰিআলিৰ ঘটনাৰ বৃহস্পতিবাৰে পাঁচদিন পাৰ হৈ যোৱাৰ পাচতো মুক্ত আকাশৰ তলত কেবাজনো অভিযুক্ত। বিশ্বনাথ চাৰিআলিৰ ঘটনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগৰবেৰাৰ টুপামাৰীত ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। টুপামাৰী আৰক্ষী চকী ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ।পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ টুপামাৰী আঞ্চলিকৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ৷ মুক্ত আকাশৰ তলত ঘূৰি থকা অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত সকলক কঠোৰতম শাস্তিৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে। অচিৰেই বাকী অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে জংগী আন্দোলনৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।