ETV Bharat / state

গোৱালপাৰাৰ উপায়ুক্তৰ ওপৰত কিয় ক্ষুব্ধ হ'ল মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম - flood

বানাক্ৰান্ত লোকসকলক পৰ্য্যাপ্ত পৰিমাণৰ সাহায্য দিয়াত ব্যৰ্থ গোৱালপাৰাৰ জিলা উপায়ুক্তকে ধৰি বিষয়া-কৰ্মচাৰী ৷ তাকে দেখি ক্ষুব্ধ হৈ পৰিল মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ ধমক দিলে উপায়ুক্তসহ বিষয়া-কৰ্মচাৰীক ৷

মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ খং
author img

By

Published : Jul 16, 2019, 10:31 PM IST

গোৱালপাৰা, 16 জুলাই : গোৱালপাৰাৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ । গোৱালপাৰা জিলাৰ কেইবাখনো ঠাইৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ অন্তত মন্ত্ৰীগৰাকীয়ে গোৱালপাৰা জিলা উপায়ুক্তৰ সভাকক্ষত মিলিত হয় এক পুনৰীক্ষণ সভাত ৷ য'ত বানাক্ৰান্ত লোকসকলক পৰ্য্যাপ্ত পৰিমাণৰ সাহায্য দিয়াত ব্যৰ্থ হোৱা তথা কিছু মনেসজা প্ৰতিবেদন দাখিল কৰাত গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকা ওপৰত ক্ষুব্ধ হৈ পৰে মন্ত্ৰীগৰাকী ৷ লগতে ক্ষুব্ধ হৈ মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তকে ধৰি বিষয়া কৰ্মচাৰী সকলক ধমক দিয়ে ৷

মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ খং

ইপিনে ধমক দিয়াৰ দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দী হৈ থকাৰ সময়তে সাংবাদিকসকলক সভাকক্ষৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়ে গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই । উপায়ুক্তগৰাকীৰ এই কাৰ্যত স্বাভাৱিকতে আচম্বিত হৈ পৰে সংবাদকৰ্মীসকল ।

Anchor:- গোৱালপাৰাৰ ভয়াবহ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ।গোৱালপাৰা জিলাৰ কেইবাখনো ঠাইৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ পিছতে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বান পৰিস্থিতি সম্পৰ্কত গোৱালপাৰা জিলা উপায়ুক্ত সভা কক্ষত পুনৰিখন সভা।সভাত বানাক্ৰান্ত লোকসকলক পৰ্য্যাপ্ত পৰিমাণৰ সাহায্য দিয়াত ব্যৰ্থ গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকা ।তাকে লৈ ক্ষুব্ধ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম।

V.O :- গোৱালপাৰাৰ ভয়াবহ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ৰ।মঙ্গলবাৰে পুৱা পুৰণি আৱৰ্ত ভৱনত পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছতে মন্ত্ৰী ব্ৰহ্মই পৰিদৰ্শন কৰে ব্ৰহ্মপুত্ৰ ৰ জলষ্টৰ।ইয়াৰ পাছতেই গোৱালপাৰা চহৰৰ কেইবাখনো আশ্ৰয় শিবিৰত থকা বৰণ্যতৰ খা খবৰ লয়মন্ত্ৰী ব্ৰহ্মই।মন্ত্ৰী ব্ৰহ্মই গোৱালপাৰা জিলাৰ পূৱ আৰু পশ্চিম সমষ্টিৰ দলগমা, কৃষ্ণাই, দুধনৈ, খৰমুজা, ৰাম-হৰি চৰ, টিয়াপাৰা আদি চৰ অঞ্চল তথা নৈ পৰিয়া অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয়।লগতে বানাক্ৰান্ত ৰাইজে অনাহাৰে, অনিদ্ৰাই থকাৰ মৰ্মান্তিক দৃশ্য দেখি দুখ প্ৰকাশ কৰে।বিয়লি আহাৰ গ্ৰহণ কৰাৰ পিছতে সন্ধিয়া গোৱালপাৰা জিলা উপায়ুক্ত সভা কক্ষত জিলা খনৰ বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে বান পৰিস্থিতি আৰু বান সাহায্যৰ সন্দৰ্ভত এক পুনৰিক্ষণ সভাত মিলিত হয়।এইখন সভাতে মন্ত্ৰী ব্ৰহ্মই বান সাহায্য, চিকিৎসা, খোৱা পানী যোগান ধৰাৰ কেতবোৰ মনে সজা প্ৰতিবেদন প্ৰস্তুত কৰা কাৰ্যত ক্ষুব্ধ হৈ জিলা উপায়ুক্ত কে ধৰি বিষয়া কৰ্মচাৰী সকলক তুলাধূনা দিয়ে।তুলা ধুনা দিয়া ৰ দৃশৱলী ই টি ভিৰ কেমেৰা ত বন্দী হৈ থকাৰ সময়তে সাংবাদিক সকলক সভাকক্ষৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়ে গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই।এই কাৰ্যত স্বাভাৱিকতে আচম্বিত হৈ পৰে সংবাদসেৱী সকল।

জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.