ETV Bharat / state

বিধায়কৰ কমিচনৰ অংকৰ বাবেই মেৰামতি নহয় পথ

উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰৰ কাম-কাজৰ নমুনা প্ৰতিফলিত হৈছে পথৰ দুৰৱস্থাৰ জৰিয়তে ৷ গোৱালপাৰাত গড়কাপ্তানী বিভাগৰ আমোল পৰিৱৰ্তনৰ নামত উন্মোচিত হৈছে ফোঁপোলা স্বৰূপ ৷ পশ্চিম গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত খনাৰ পূৱ পাৰ-বেংমাৰী সংযোগী পথটোৱে জ্বলন্ত উদাহৰণ হিচাপে দেখা গৈছে ।

Poor Road Condition of goalpara assam etv bharat news
পশ্চিম গোৱালপাৰা সমষ্টি
author img

By

Published : Sep 3, 2020, 4:35 PM IST

গোৱালপাৰা,3 চেপ্তেম্বৰ: গোৱালপাৰা জিলাত পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে পথচাৰীসকলক ৷ বিশেষকৈ পশ্চিম গোৱালপাৰা সমষ্টিৰ শাকতোলা গাঁও পঞ্চায়তৰ বাট-পথৰ দুৰৱস্থাৰ ফলত যমৰ যাতনা ভুগিছে ৰাইজে । পথৰ অৱস্থা লক্ষ্য কৰিলে সেয়া ধান ৰোৱা পথাৰৰ লগত তুলনা কৰিব পাৰি । এজাক বৰষুণতে জমা হোৱা পানীৰ ফলত যাতায়াত বন্ধ হৈ পৰে শাকতোলা গাঁও পঞ্চায়তৰ পথসমূহত । পথৰ এনে দুৰৱস্থাৰ প্ৰতি বিধায়ক ৰছিদ মণ্ডলৰ কোনো কাণসাৰ নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

চৰকাৰৰ কাম-কাজৰ নমুনা প্ৰতিফলিত

ৰাইজৰ দুৰ্দশা ৰোধৰ প্ৰতিশ্ৰুতি দিয়া বিধায়কগৰাকীয়ে নিৰ্বাচনৰ পিছৰ পৰাই মুনাফা লুটাত ব্যস্ত বুলি ক্ষোভ ব্যক্ত কৰে স্থানীয় ৰাইজে । ৰাজ্য চৰকাৰে পথটোৰ বাবদ আৱণ্টন দিয়া 7 লাখ 50 হাজাৰ টকাৰ কোনো কাম নকৰি পঞ্চায়ত সভানেত্ৰীৰ সৈতে মিলি ধনখিনি আত্মসাৎ কৰে বুলি ৰাইজে অভিযোগ কৰিছে ৷ ক্ষুব্ধ অঞ্চলবাসীয়ে নিৰ্বাচনৰ পূৰ্বে পথটো মেৰামতি নকৰিলে পৰৱৰ্তী নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ৷

লগতে চাওকঃ গোলাঘাটৰ কমাৰগাঁৱত ১০০ গৰাকী কৃষকক বিতৰণ চৰকাৰী পাৱাৰ টিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.