ETV Bharat / state

গোৱালপাৰাত ভগা দলঙেৰে যাতায়াত অব্যাহত ৰাইজৰ

author img

By

Published : Mar 18, 2020, 9:52 AM IST

Updated : Mar 18, 2020, 10:08 AM IST

উন্নয়নৰ ঢাক-ঢোল বজাই থকা গড়কাপ্তানী বিভাগৰ আমোল পৰিৱৰ্তনৰ নামত ফোঁপোলা স্বৰূপ। গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠালবাৰী আৰু গাৰোমাৰী সংযোগী বিধ্বস্ত এই দলংখন উন্নয়নৰ উৎকৃষ্ট উদাহৰণ ।

Poor condition Bridge Goalpara Assam etv bharat news
ভগা দলঙেৰে যাতায়াত অব্যাহত ৰাইজৰ

গোৱালপাৰা,18 মাৰ্চঃ উন্নয়নৰ ঢাক-ঢোল বজোৱা জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণষাৰ নাই ৰাস্তা-ঘাট,দলং নিৰ্মাণৰ ক্ষেত্ৰত । এই কথা প্ৰতীয়মান হৈছে গোৱালপাৰা জিলাত ৷ জিলাখনৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠালবাৰী আৰু গাৰোমাৰী সংযোগী জৰাজীৰ্ণ দলংখনেৰে নিতৌ শ-শ স্কুলীয়া ছাত্র-ছাত্ৰী পাৰ হোৱাৰ লগতে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈছে স্থানীয় ৰাইজ ৷

যিটো সময়ত ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰীয়ে ৰাজ্যৰ বাট-পথ উন্নীতকৰণ,দলং পকীকৰণ কৰা হ’ব বুলি ৰাজহুৱা মন্তব্য কৰিছিল,তেনে সময়ত বিপৰীত ছবি প্ৰতিফলিত হৈছে গোৱালপাৰাত। সম্প্ৰতি অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দলংখন অনতিপলমে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ।

বিকশিত অসম !

লগতে চাওকঃম্যাদ উকলা চিমেণ্টেৰে পথ নিৰ্মাণ কৰিমগঞ্জতঃ তীব্ৰ প্ৰতিক্ৰিয়া

Last Updated : Mar 18, 2020, 10:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.