ETV Bharat / state

Clash in Goalpara: গোৱালপাৰাৰ ৰাজপথত একাংশ উন্মাদ লোকৰ উপৰ্যুপৰি আক্ৰমণ বলি এজন

author img

By

Published : Oct 14, 2022, 10:32 PM IST

পৰিয়ালকেন্দ্ৰিক বিবাদৰ ফলতেই সংঘটিত হয় এই ঘটনা ৷ লাঠিৰ নিৰ্মম প্ৰহাৰ গুৰুতৰভাৱে আহত লোকজনক । সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি লোকজনক ৷ চৰকাৰী মাটিত ঘৰ বনোৱাক কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনা ৷

one-injured-in-family-conflict-in-goalpara
গোৱালপাৰাৰ ৰাজপথত একাংশ উন্মাদ লোকৰ উপৰ্যুপৰি আক্ৰমণ বলি এজন

গোৱালপাৰা, 14 অক্টোবৰ: গোৱালপাৰাৰ জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰীত একাংশ উন্মাদ লোকে উপৰ্যুপৰি আক্ৰমণ চলায় এজন লোকৰ ওপৰত । লাঠিৰে অতি নিৰ্মমভাৱে আক্ৰমণ চলোৱা হয় লোকজনক । সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই আক্ৰমণৰ ভিডিঅ’ । ইয়াৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ কিন্তু কোনে আৰু কি কাৰণে আক্ৰমণ কৰিছে লোকজনক ৷

উন্মাদ লোকে লাঠিৰে নিৰ্মমভাৱে আক্ৰমণ কৰা লোকজন নুৰছালাম মোল্লা বুলি জানিব পৰা হৈছে(One injured in family disputes) ৷ জানিব পৰা মতে পৰিয়ালকেন্দ্ৰিক বিবাদৰ ফলতেই সংঘটিত হৈছে এই ঘটনা ৷ চৰকাৰী মাটিত ঘৰ বনোৱাক কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনা ৷ নুৰছালাম মোল্লাক চৰকাৰী মাটিত ঘৰ বনোৱাত বাধা দিছিল তেওঁ সতীয়া সাতজনকৈ ভাতৃয়ে ৷ কিন্তু এই বাধা নামানাৰ বাবেই অৱশেষত পাৰিবাৰিক সংঘাতে ৰূপ লয় আক্ৰমণৰ ৷

আক্ৰমণত গুৰুতৰভাৱে আহত নুৰছালামক পাছত সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত(Goalpara Civil Hospital) ভৰ্তি কৰোৱা হয় ৷ আক্ৰমণত আহত আন এগৰাকী ভুক্তভোগী নুৰছালাম মোল্লাই সদৰী কৰা মতে, তেওঁ পোৱা চৰকাৰী গৃহটো নিৰ্মাণ কৰি থকা অৱস্থাত বাধা আৰোপ কৰে তেওঁৰ সতীয়া সাতজনকৈ ভাতৃৱে(Brother attack brother in Goalpara) । এই ঘটনাই ক্ৰমাৎ আক্ৰমণৰ ৰূপ লয় । যাৰ ফলত সতীয়া ভাতৃসকলে ৰাজপথত বগৰাই বগৰাই আক্ৰমণ কৰে নুৰ ছালামক ।

আক্ৰমণকাৰীসকল ইমানতেই ক্ষান্ত নাথাকি নুৰছালামৰ পৰিয়ালৰ ওপৰতো চলায় আক্ৰমণ । এই আক্ৰমণত নুৰছালামৰ পত্নী, পুত্ৰ, কন্যাও গুৰুতৰভাৱে আঘাতপ্ৰপ্ত হয় । জানিব পৰা মতে আক্ৰমণকাৰীকেইটা ক্ৰমে- আনচেৰ আলী, সোনা মিঞা, জহিৰুল ইচলাম মোল্লা, মোনচেৰ মোল্লা, জমচেৰ মোল্লা, মানিক উদ্দিম মোল্লা, সোনাভান নেচা, আজিদা খাতুন আৰু নুৰ ছামিনা খাতুন । ইতিমধ্যে ঘটনা সন্দৰ্ভত বগুৱান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । এতিয়া আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয় ।

লগতে পঢ়ক : পাৰিবাৰিক কন্দলৰ বাবেই এজনক নৃশংসভাৱে হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.