ETV Bharat / state

Jonali Nath murder case update: 5 দিনৰ আৰক্ষীৰ জিম্মাত জোনালী নাথ হত্যাকাণ্ডৰ অভিযুক্ত আজিবৰ ৰহমান

author img

By

Published : Jun 18, 2023, 9:48 PM IST

বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাৰ অভিযুক্ত আজিবৰ ৰহমানৰ বাসগৃহত দেওবাৰে আৰক্ষীয়ে অভিযান চলায় ৷ এই অভিযানত প্ৰয়াত জোনালী নাথৰ পোৰা বেগৰ চেইন আৰু ক’ল্ড ড্ৰিংকছৰ বটল উদ্ধাৰ কৰা হৈছে । আৰক্ষীয়ে মাৰথান জেৰা অব্যাহত ৰাখিছে হত্যাৰ অভিযুক্ত আজিবৰ ৰহমানক ।

Murder accused Azibar Rahman continues to be interrogated
অভিযুক্ত আজিবৰ ৰহমানৰ বাসগৃহত আৰক্ষীৰ অভিযান

গোৱালপাৰা, 18 জুন : দিন যিমানেই বাগৰিছে সিমানেই ন ন তথ্য পোহৰলৈ আহিছে জোনালী নাথ হত্যাকাণ্ডৰ । শনিবাৰে জোনালী নাথ হত্যাকাণ্ডৰ মূল অভিযুক্ত হত্যাকাৰী হাছানুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সহযোগী হত্যাকাৰী আজিবৰ ৰহমানক । আজিবৰক মাটিয়া থানাৰ অন্তৰ্গত শিঙৰীমাৰি চৰৰ এক পথাৰৰ পৰা গ্ৰেপ্তাৰ কৰি পোনে পোনে আগিয়া থানাত লৈ আনি জেৰা অব্যাহত ৰাখিছিল আৰক্ষীয়ে । তাৰ পিচতে অভিযুক্ত হত্যাকাৰী আজিবৰ ৰহমানক লগত লৈ মাটিয়াৰ বৰবালুপাৰাস্থিত হত্যাকাৰী আজিবৰ ৰহমানৰ ঘৰত অভিযানত চলায় আৰক্ষীয়ে ৷

এই অভিযানত আৰক্ষীয়ে প্ৰয়াত জোনালী নাথৰ পোৰা বেগৰ চেইন, ক’ল্ড ড্ৰিংকছৰ বটল আৰু হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত আজিবৰ ৰহমানে পৰিধান কৰা কাপোৰ উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, 11 জুন তাৰিখে জোনালী নাথক হত্যা কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ আহি হত্যাকাৰী আজিবৰ ৰহমানে শীতল মস্তিষ্কৰে হত্যাকাণ্ডত ব্যৱহাৰ কৰা নিজৰ কাপোৰ, জোনালী নাথৰ বেগ নিজ ঘৰৰ চোতালত জ্বলাই দিছিল । আৰক্ষীয়ে হত্যাকাৰীৰ আজিবৰ ৰহমানৰ পত্নীক জবাবদিহি কৰাত জ্বলাই দিয়া ঠাই দেখুৱাই দিছিল । আৰক্ষীয়ে জ্বলাই দিয়া ঠাই পৰিদৰ্শন কৰি পুৰি পেলোৱা জোনালী নাথৰ বেগৰ চেইন আৰু ক’ল্ড ড্ৰিংকছৰ বটল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: Jonali Nath murder updates : হাছানুৰৰ সহযোগী আজিবৰ ৰহমানক গ্ৰেপ্তাৰ

উল্লেখ্য যে, জোনালী নাথৰ হত্যাত সহযোগ কৰিবলৈ মূল হত্যাকাৰী হাছানুৰে 50 হেজাৰ টকা চুপাৰি দি বন্দৱস্ত হৈছিল । ইয়াৰে 24 হেজাৰ টকা জোনালীক হত্যা কৰাৰ পূৰ্বেই আজিবৰে আগতীয়াকৈ আদায় লৈছিল । হত্যাকাৰী হাছানুৰে আজিবৰৰ সহযোগত চলন্ত গাড়ীৰ‌ ভিতৰতে জোনালীক হত্যা কৰা বুলিও সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে ।

প্ৰণিধানযোগ্য যে, হত্যাকাৰী আজিবৰ ৰহমানক দেওবাৰে আৰক্ষীয়ে গোৱালপাৰা ন্যায়িক আদালতত হাজিৰ কৰে । আৰক্ষীয়ে অধিক তদন্তৰ বাবে তেওঁক 10 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰে । কিন্তু আদালতে তেওঁক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

অভিযুক্ত হত্যাকাৰী আজিবৰ ৰহমানক মাৰথান জেৰা চলাবলৈ আগিয়া থানাৰ পৰিবৰ্তে মাটিয়া থানাত ৰখা হৈছে । উল্লেখ যে, গোৱালপাৰা জিলা উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাৰ নেতৃত্বত মাটিয়া আৰক্ষীয়ে আজিবৰক লৈ এই অভিযান চলাইছিল ৷

লগতে পঢ়ক: Jonali Nath Murder Case Update: আজিবৰক জেৰা; কেনেদৰে হত্যা কৰা হৈছিল জোনালীক?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.