ETV Bharat / state

MP Badruddin Ajmal: শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আইমাতৃ সমাৰোহত বদৰুদ্দিন আজমল - শ্ৰীমন্ত শংকৰদেৱ সংঘ আইমাতৃ সমাৰোহ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আইমাতৃ সমাৰোহত বদৰুদ্দিন আজমল ৷ ভাষণ প্ৰসংগত শ্ৰীমন্ত শংকৰদেৱৰ অৱদান আৰু মানৱ সমাজলৈ অৱদানৰ কথা উল্লেখ কৰে আজমলে ৷ গুৰুজনাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি বুলিও মন্তব্য কৰে সাংসদ আজমলে ৷

Etv BharatMP Badruddin Ajmal Sankardev Sangha
শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আইমাতৃ সমাৰোহত বদৰুদ্দিন আজমল
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 10:46 PM IST

শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আইমাতৃ সমাৰোহত বদৰুদ্দিন আজমল

গোৱালপাৰা, 5 নৱেম্বৰ : আধ্যাত্মিক শিক্ষা গ্ৰহণ নকৰাৰ কাৰণেই ডাঙৰ ডাঙৰ ডিগ্ৰী লৈও মানৱ সমাজ পশু হৈ থাকিবলগীয়া হৈছে ৷ শংকৰদেৱৰ পৰা শিক্ষা ল’লে, ইছলামৰ শিক্ষা ল’লে অথবা প্ৰকৃত হিন্দুত্বৰ শিক্ষা ল’লে মানুহবিলাক ‘মানুহ’ হ’ব ৷ দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে ৷

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসংগত সাংসদ আজমলে কয় যে গুৰুজনাৰ বিষয়ে চিনেমা বনাই, কিতাপ লিখিও কৈ শেষ কৰিব পৰা নাই ৷ গতিকে দুই মিনিটৰ ভাষত শংকৰদেৱৰ বিষয়ে কৈ শেষ কৰাটো অসম্ভৱ ৷ গুৰুজনাৰ ভক্ত সমগ্ৰ বিশ্বতে থকা বুলি উল্লেখ কৰে আজমলে ৷

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ ধূপধৰাৰ জগতগুৰু সমন্বয় ক্ষেত্ৰত ৩ নৱেম্বৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩০ সংখ্যক শিশু, যুৱ আৰু আইমাতৃ সমাৰোহৰ আজি সফল সামৰণি পৰে । অশ্ৰুসিক্ত নয়নেৰে ভকত-ৱৈষ্ণৱসকলে আজি নিজৰ নিজৰ কাপোৰ-কানি, সামগ্ৰীৰ বেগ হাতে হাতে লৈ ঘৰলৈ যাত্ৰা কৰে ৷ লগে লগে হৰিনামেৰে মুখৰিত হৈ থকা সমাৰোহস্থলী নিজম হৈ পৰে ৷

আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ মুকলি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল, গুৱাহাটীৰ সাংসদ কুইন ওজা, জনিয়াৰ বিধায়ক, দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, অসম ৰাজ্যিক বিজেপিৰ সম্পাদিকা টিনামণি দৈমাৰী, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাকে ধৰি বহু বিশিষ্ট লোক ৷

সভাত ভাষণ প্ৰসংগত বদৰুদ্দিন আজমলে কয় যে ঈশ্বৰ, আল্লা থকা নিৰ্দিষ্ট কোনো ঘৰ নাই ৷ প্ৰতিগৰাকী মানুহৰ ভিতৰতহে ঈশ্বৰ, আল্লা আছে ৷ গতিকে মানৱ সেৱাই প্ৰকৃত ধৰ্ম বুলি উল্লেখ কৰে বদৰুদ্দিন আজমলে ৷ আনহাতে ভাষণ প্ৰসংগত শ্ৰীমন্ত শংকদেৱৰ গুণানুকীৰ্তন কৰে বদৰুদ্দিন আজমলে ৷

লগতে পঢ়ক: MLA Aminul Islam: অসমৰ একমাত্ৰ নৰাধম ব্যক্তি কোন জানেনে ? বিচাৰি উলিয়ালে আমিনুল ইছলামে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.