গোৱালপাৰা, 3 ডিচেম্বৰঃ ৰাজ্যত পুনৰ ম’ৰেল পুলিচৰ ঘটনা ৷ যুৱক-যুৱতীক উলংগ কৰি প্ৰহাৰ কৰা তিনি যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ গোৱালপাৰা কৃষ্ণাইত এহাল যুৱক-যুৱতী অবৈধ কাৰ্যত লিপ্ত থকাৰ অভিযোগত কৃষ্ণাইৰ গুৰিয়া বনাঞ্চললৈ নি উলংগ কৰি নিৰ্যাতন চলোৱাৰ দৃশ্য কেমেৰাত বন্দী কৰি ভাইৰেল কৰিছিল ঘটনাৰ লগত জড়িত তিনি যুৱকে ৷ এই কৰ্মত জড়িত যুৱককেইজনক অঞ্চলটোৰ আন একাংশ লোকে সহযোগ কৰা বুলি স্থানীয় ৰাইজে অৱগত কৰে ৷ ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগত যুৱককেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
আনহাতে ভুক্তভোগী যুৱক-যুৱতী হালক আৰক্ষীয়ে পৰিয়ালৰ লোকক গতাই দিয়ে ৷ গোৱালপাৰা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এই ঘটনাৰ অভিযানত ঘটনাৰ সৈতে জড়িত মুল অভিযুক্ত অমিয় ৰাভা, অপূৰ্ব ৰাভা আৰু সমীৰণ ৰাভাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এই ঘটনাক লৈ এতিয়া সৰ্বত্ৰে চলিছে ব্যাপক চৰ্চা ৷
আৰু পঢ়কঃ এইবাৰ বিলাসীপাৰাত আছুৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰিলে দুৰ্বৃত্তই