গোৱালপাৰা, ১৮ ফেব্ৰুৱাৰী: মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ কৰিব বিচৰা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে গোৱালপাৰাত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ।

সন্থাৰ প্ৰায় পাঁচ শতাধিক কৰ্মচাৰীয়ে গোৱালপাৰা চহৰৰ মাজমজিয়াৰে চৰকাৰ বিৰোধী শ্লোগানেৰে সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । অতি নিম্ন মাননীত কাম কৰি অহা এইসকল কৰ্মচাৰীক বাদ দি চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন ব্যক্তিগতকৰণ কৰিব বিচাৰিছে বুলি কয় প্ৰতিবাদকাৰীসকলে । তাৰ প্ৰতিবাদতে এই প্ৰতিবাদী সমদলেৰে উলিয়াই গোৱালপাৰা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই । লগতে জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈকো একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়ক:গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু জিতেন্দ্ৰ সিং