ETV Bharat / state

অপৰিৱৰ্তিত অৱস্থাত গোৱালপাৰাৰ বান পৰিস্থিতি

author img

By

Published : Jul 13, 2020, 1:51 PM IST

বানে জলমগ্ন কৰিছে গোৱালপাৰা জিলাৰ বিস্তীৰ্ণ অঞ্চল । ব্ৰহ্মপুত্ৰ নদীৰ লগতে ভূটানৰ পৰা নামি অহা বঢ়নী পানীয়ে বিধ্বস্ত কৰিছে বহু খেতিয়কৰ খেতিৰ ফচল, ঘৰ-বাৰীৰ লগতে পোহনীয়া জীৱ-জন্তুৰ জীৱন ।

গোৱালপাৰাৰ বান পৰিস্থিতি
গোৱালপাৰাৰ বান পৰিস্থিতি

গোৱালপাৰা,. 13 জুলাইঃ বান পৰিস্থিতিয়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত । উজনি-নামনিৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানৰ কবলত । জনজীৱনকে ধৰি বিপৰ্যস্ত হৈছে পশুধন । বৰ্তমানলৈ অসমৰ ভিন্ন স্থানত বানৰ ফলত মৃত্যুক সাৱটি লৈছে মুঠ 70 গৰাকী লোকে । ব্ৰহ্মপুত্ৰ আৰু কেইবাখনো নৈৰ লগতে ভূটানৰ পৰা অহা পানীয়ে ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি কৰিছে নামনিৰ বিস্তৰ অঞ্চলত । ব্যতিক্ৰম নহয় গোৱালপাৰা জিলাও । গোৱালপাৰাত ব্ৰহ্মপুত্ৰ নদীৰ লগতে ভূটানৰ পৰা নামি অহা বঢ়নী পানীয়ে জলমগ্ন কৰিছে শতাধিক গাঁও । পানীত জাহ গৈছে ঘৰ-বাৰীকে ধৰি বিস্তৰ কৃষিভূমি, অনুষ্ঠান প্ৰতিষ্ঠান । বানৰ কবলত পৰি সৰ্বস্বান্ত হৈছে জিলাখনৰ শহস্ৰাধিক লোক ।

অপৰিৱৰ্তিত অৱস্থাত গোৱালপাৰাৰ বান পৰিস্থিতি

গোৱালপাৰা জিলাৰ বলদমাৰী, চিমলীতলা, চিধাবাৰী, বহতি, বুধুচৰ, শালমাৰাকে ধৰি বলদমাৰীচৰ গাঁৱৰ কেইবাটাও অঞ্চল সম্প্ৰতি বুৰ গৈছে বানত । খাদ্যৰ অভাৱত বৰ্তমানলৈ মৃত্যুক সাৱটি লৈছে বহু পশুধনে । বাট-পথ পানীত জাহ যোৱাৰ ফলত সম্পূৰ্ণৰূপে যাতায়াত আৰু যোগাযোগ ব্যাহত হৈ পৰিছে বহু অঞ্চলত । নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্তই । কিন্তু এই পৰ্যন্ত বানাক্ৰান্ত লোকৰ মাজলৈ অহা নাই কোনো উদ্ধাৰকাৰীৰ দল আৰু বান সাহায্য । ক্ৰমান্বয়ে পৰিস্থিতি জটিল হৈ গৈ আছে যদিও, এই প্ৰৰ্যন্ত কোনো এগৰাকী জনপ্ৰতিনিধিও সেই বানাক্ৰান্ত অঞ্চল সমূহলৈ নোযোৱাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজৰ লগতে, ভিন্ন দল-সংগঠনে । স্থানীয় বিধায়ক আৰু সাংসদ বৰুদ্দিন আজমলৰ বিৰুদ্ধে সম্প্ৰতি ক্ষোভ উজাৰিছে একাংশ লোকে । বানাক্ৰান্ত লোকক অতি শীঘ্ৰেই ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় লোকৰ লগতে ভিন্ন দল-সংগঠনে । কিয়নো বানে বুৰাই পেলাইছে কৃষি প্ৰধান অঞ্চলকেইটাৰ শতাধিক কৃষকৰ খেতিৰ ফচল ।

লগতে পঢ়কঃ ধুবুৰীত বিপদ সীমাৰ ওপৰেৰে বৈছে গংগাধৰ নৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.