ETV Bharat / state

গোৱালপাৰা অসামৰিক চিকিৎসালৰ অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা ১৪ টা শিশুৰ

author img

By

Published : Nov 19, 2021, 9:05 PM IST

ভয়ংকৰ অগ্নিকাণ্ড গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ৷ চিকিৎসালয়খনৰ শিশুৰ যতন কক্ষত সংগঠিত হয় এই অগ্নিকাণ্ড । কথমপি প্ৰাণ ৰক্ষা পৰে চিকিৎসালয়খনৰ শিশু যতন কক্ষত চিকিৎসাধীন থকা ১৪ টা শিশুৰ ।

Massive fire breaks out in goalpara civil hospital
গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড

গোৱালপাৰা, 19 নৱেম্বৰ : গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড । চিকিৎসালয়খনৰ শিশুৰ যতন কক্ষত সংগঠিত হয় এই অগ্নিকাণ্ড । উল্লেখ্য যে, পুৱাৰ ভাগত হঠাৎ শিশু যতন কক্ষৰ পৰা ধোঁৱা ওলাবলৈ ধৰাত শিশুৰ অভিভাৱক সকলে লগে লগে চিঞৰ-বাখৰ কৰাত এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয় ।

লগে লগে চিকিৎসক সকলে উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় । কথমপি প্ৰাণ ৰক্ষা পৰে চিকিৎসালয়খনৰ শিশু যতন কক্ষত চিকিৎসাধীন থকা ১৪ টা শিশুৰ । শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি চিকিৎসালয়খনৰ কৰ্তপক্ষৰ লগতে গোৱালপাৰা প্ৰশাসনে কৰিছে সন্দেহ ৷

ঘটনাস্থলীত গোৱালপাৰা জিলা উপায়ুক্ত মিনাক্ষী দাস উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে অগ্নিকাণ্ড সন্দৰ্ভত উচিত তদন্তৰ কথা উল্লেখ কৰে । অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে গোৱালপাৰা অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই ১৪ গৰাকীৰ শিশুৰ ৭ গৰাকীকৈ দেৱ শিশুক গোৱালপাৰা চহৰৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰে ৷ বৰ্তমান আটাইকেইগৰাকী শিশু সুস্থ অৱস্থাত আছে বুলি জানিবলৈ দিছে জিলা উপায়ুক্ত মিনাক্ষী দাসে ।

লগতে পঢ়ক: অসম আন্দোলনৰ দৰে নেতা বিক্ৰী নগ’ল বাবেই সফল হ'ল কৃষক আন্দোলন: উপমন্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.