ETV Bharat / state

Medical negligence allegation: কাৰ ভুলৰ বাবে মৃত্যু হ’ল শ্বাহালম হকৰ ? প্ৰয়োজনৰ সময়ত কিয় পোৱা ন’গল অক্সিজেন চিলিণ্ডাৰ ? - কাৰ ভুলৰ বাবে মৃত্যু হ’ল শহালম হকৰ

গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি । চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক সাৱটিলে এজন ব্যক্তিয়ে ৷ অভিযোগ নিহত ব্যক্তিৰ আত্মীয়ৰ ৷

Man dies due to alleged medical negligence in Goalpara
গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 12:06 PM IST

গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি

গোৱালপাৰা, ২৯ ছেপ্টেম্বৰ : গোৱালপাৰা অসামৰিক চিকিৎসালয়ত অঘটন ৷ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসক ভুলৰ বাবেই কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ব্যক্তিয়ে । এই অভিযোগ মৃত্য়ু হোৱা ব্যক্তিগৰাকীৰ আত্মীয়ৰ ৷ জানিব পৰা মতে, মৃত্যু হোৱা ব্যক্তিগৰাকীৰ নাম শ্বাহ আলম হক ৷ ঘৰ গোৱালপাৰা জিলাৰ বলবলাৰ কালপানীত ।

জানিব পৰা মতে, গোৱালপাৰা জিলাৰ বলবলা কালপানিৰ শ্বাহ আলম হক বিগত কিছুদিন ধৰি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আছিল । বৃহস্পতিবাৰে দুপৰীয়া ভাগত হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ গোৱালপাৰা চহৰৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰায় ।

তাৰ পাচত হাস্পতালখনৰ চিকিৎসকে শ্বাহ আলম হকৰ স্বাস্থ্যৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত সুস্থ হৈ উঠাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ পৰামৰ্শ দিয়ে । চিকিৎসকৰ পৰামৰ্শ মতে, শ্বাহ আলমক পৰিয়ালৰ লোকে ততাতৈয়াকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ পৰা গোৱালপাৰা জিলাৰ ২০০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ।

পৰিয়ালৰ লোকে সংবাদ মাধ্যমত জানিবলৈ দিয়া মতে, চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পূৰ্বে শ্বাহ আলম সম্পূৰ্ণ সুস্থ হৈ আছিল । সুস্থ হৈ থকা ৰোগীক চিকিৎসালয়খনৰ ডক্টৰে পৰীক্ষা নিৰীক্ষা কৰি প্ৰথম অৱস্থাত বেজী দিয়ে । বেজী দিয়াৰ ক্ষন্তেক পিচতে নাকে-মুখে ৰক্তক্ষৰণ হ’বলৈ আৰম্ভ কৰে শ্বাহ আলমৰ ।

শ্বাহ আলমৰ ৰক্তক্ষৰণ হোৱা দেখি ডক্টৰ-নাৰ্চে লগে লগে ৰক্তক্ষৰণ বন্ধ কৰিবলৈ আন এটা বেজী দিয়ে । দ্বিতীয় বেজীটো দিয়াৰ পাঁচ মিনিটমানৰ পিচতে তেওঁৰ মৃত্যু ঘটে । শ্বাহ আলমৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতি বিষম দেখি চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে ৷ তাৰ পাচতে গোৱালপাৰা আৰক্ষীয়ে চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

ইপিনে পৰিয়ালৰ লোকে দাবী কৰা মতে, এয়া ডক্টৰ-নাৰ্ছৰ ভুল চিকিৎসা আৰু গাফিলতিৰ কাৰণেই শ্বাহ আলমৰ মৃত্যু ঘটে । লগতে তেওঁলোকে উল্লেখ কৰে যে ৰোগী শ্বাহ আলমক বেজী দিয়াৰ পিচত উশাহ-নিশাহ নিয়াত অসুবিধা পাইছিল । ডক্টৰগৰাকীয়ে ৰোগীৰ অৱস্থা দেখি অক্সিজেন দিবলৈ নাৰ্ছক নিৰ্দেশ দিয়ে যদিও চিকিৎসালয়খনত অক্সিজেন নথকা বুলিও অভিযোগ কৰে শ্বাহ আলমৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : Wild elephants roaming: বন্যহস্তীৰ ভিডিঅ’ শ্বেয়াৰ কৰি হাতী মানুহৰ সংঘাত ৰোধৰ বাবে মুখ্য়মন্ত্ৰীক আহ্বান বিধায়ক ৰূপজ্যোতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.