ETV Bharat / state

পুনৰ বানৰ কবলত জলেশ্বৰৰ বৃহৎ অঞ্চল

author img

By

Published : Aug 17, 2020, 5:21 PM IST

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পুনৰ তাণ্ডৱ সৃষ্টি কৰিছে গোৱালপাৰাৰ জলেশ্বৰত ৷ হঠাতে অহা বাঢ়নী পানীয়ে বৃহত্তৰ অঞ্চলটো বুৰাই পেলোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত ৷

large area of jaleswar goalpara under the flood assam etv bharat news
বানৰ কবলত জলেশ্বৰ

গোৱালপাৰা,17 আগষ্ট: বানৰ তাণ্ডৱ শাম কাটি ক্ৰমাৎ স্বাভাৱিক হৈছিল ৰাজ্যৰ বান পৰিস্থিতি ৷ কিন্তু পুনৰ হঠাতে অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গোৱালপাৰাৰ জলেশ্বৰত ৷ ফলত বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ বানৰ ফলত অঞ্চলটোত পুনৰবাৰ ব্যাহত হৈ পৰিছে যাতায়াত আৰু যোগাযোগ ৷

বানৰ কবলত জলেশ্বৰ

উল্লেখ্য যে,পুনৰবাৰ অস্বাভাৱিকভাৱে অহা বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চলটো বুৰাই পেলোৱাৰ ফলত দিশহাৰা হৈ পৰিছে সৰ্বসাধাৰণৰ লগতে পশুধনসমূহ ৷ জিলাখনৰ জলেশ্বৰৰ উপৰিও ৰাজমিতা, গৌৰনগৰ, ধুমেৰঘাট, খলিচাভিটা, শিমলাবাৰী আদি গাওঁ পঞ্চায়তৰ শতাধিক গাঁও জলমগ্ন হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে । কিন্তু ইয়াৰ পিছতো ৰাইজৰ সমস্যাৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই স্থানীয় জন প্ৰতিনিধিয়ে ৷ উল্লেখ্য যে, চলিত বৰ্ষত ইয়াৰ পূৰ্বে দুবাৰ অঞ্চলটোত তাণ্ডৱ চলাইছিল ব্ৰহ্মপুত্ৰৰ বানে ৷

লগতে চাওকঃ অখিল গগৈৰ ন্যায়িক যুঁজৰ বাবে ৰাইজৰ সাহায্য প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.