গোৱালপাৰা, 8 জানুৱাৰী: গোৱালপাৰা আৰক্ষীৰ বৃহৎ সাফল্য ৷ মাত্ৰ 9 দিনৰ ভিতৰতে সাতজনকৈ অপহৰণকাৰীক আটক কৰাৰ লগতে বিচাৰি উলিয়ালে অপহৃত ব্যক্তিক ৷ ঘটনা অনুসৰি ২৯ ডিচেম্বৰত গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অৰ্ন্তগত দলগোমাৰ পৰা নজৰুল ইছলাম নামৰ এজন কয়লা ব্যৱসায়ীক কেইজনমান অজ্ঞাত ব্যক্তিয়ে নিশা অপহৰণ কৰি লৈ গৈছিল অজান ঠাইলৈ ৷ পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ পোৱা নাছিল ব্যক্তি গৰাকীৰ ৷ তাৰ পাচতে ফোন যোগে ব্যৱসায়ীজনৰ মুক্তিৰ বাবে এক কোটি টকা মুক্তিপণ দাবী কৰে ৷ উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে গোৱালপাৰা আৰক্ষীৰ ওচৰ চাপে ৷
গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই মেঘালয় আৰক্ষীৰ সহযোগত প্ৰথমে চিৰাং জিলাৰ পৰা দুজন ব্যক্তিক আটক কৰি সোধপোচ কৰে ৷ ব্যক্তি দুজনৰ তথ্যৰ ভিত্তিতে পুনৰায় তিনিজনলোকক আটক কৰি মেঘালয় আৰক্ষীৰ সহযোগত নজৰুল ইছলামৰ গাড়ীখন চিৰাং জিলাৰ পৰা উদ্ধাৰ কৰে গোৱালপাৰা আৰক্ষীয়ে ৷ গোৱালপাৰা আৰক্ষীয়ে আৰু মেঘালয় আৰক্ষীয়ে মেঘালয়ৰ বাজেংডোবা,মেন্দিপথাৰ আদি অঞ্চলত যৌথ অভিযান চলাই ৭ জানুৱাৰীৰ ৰাতিপুৱা কয়লা ব্যৱসায়ীজনক উদ্ধাৰ কৰে ৷
ইপিনে গোৱালপাৰা জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে অপহৰণ কাণ্ডৰ লগত জৰিত থকা লোক সকল চিৰাং আৰু কামৰূপ (গ্ৰা)জিলাৰ লোক ৷ আটাইকেইজন লোকে উগ্ৰপন্থী সংগঠন এনডিএফবিৰ লগত জৰিত ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যহত ৰাখিছে ৷
লগতে পঢ়ক: নগাঁৱত বন্ধন বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ গ্ৰাহকৰ