ETV Bharat / state

মাছ-মানুহৰ প্ৰেমৰ কাহিনীৰে জনপ্ৰিয় হৈ উঠিছে আগিয়াৰ বকডো গাঁও - জিঞ্জিৰাম নৈ

Jinjiram River : মাছৰ ঘৰৰ কথা শুনিছেনে আপুনি ! মাছৰ ঘৰ লগতে জাক জাক মাছৰ জলকেলি চাবলৈ যদি আপোনাৰো মন আছে তেন্তে যাব লাগিব গোৱালপাৰাৰ আগিয়াৰ বকডো গাঁৱলৈ ৷

Jinjiram river in Goalpara has become a permanent address for fish
এজাক মাছৰো আছে স্থায়ী ঠিকান
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 10:11 PM IST

Updated : Jan 11, 2024, 10:50 PM IST

এজাক মাছৰো আছে স্থায়ী ঠিকনা

গোৱালপাৰা, 11 জানুৱাৰী : এজাক মাছৰ এখন ঘৰ ৷ আপুনিও চাগে আচৰিত হৈছে ৷ মাছৰো ঘৰ থাকেনে ? হয়, মাছৰো ঘৰ থাকে ৷ আপোন সেই ঘৰখন এৰি সিহঁত কেতিয়াও আঁতৰি নাযায় ৷ যেনেকৈ আপুনি বা মই এৰি থৈ নাযাও আপোন ঘৰখন ৷ মাছৰ এই বিশেষ ঘৰখন আছে আগিয়াৰ বকডো গাঁৱৰ জিঞ্জিৰাম নৈত ৷ গোৱালপাৰা জিলাৰ পৰা প্ৰায় 14 কিলোমিটাৰ নিলগত থকা আগিয়াৰ বকডো গাঁৱৰ জিঞ্জিৰাম নৈত থকা মাছৰ এই বিশেষ ঘৰখন আবিষ্কাৰৰো আছে এক মনোমোহা আৰু অবিশ্বাস্য কাহিনী ৷

অসম-মেঘালয়ৰ সীমামূৰীয়া আগিয়াৰ এই বকডো গাঁও উন্নয়নৰ ফালৰ পৰা অতিকৈ পিছপৰা ৷ জিঞ্জিৰাম নৈৰ দুয়োপাৰে জনবসতি থকা গাঁওখন সংলগ্ন কৰাৰ বাবে পূৰ্বে আছিল এখন কাঠৰ দলং ৷ কিন্তু দীৰ্ঘদিনে মেৰামতিৰ অভাৱত থৰক-বৰক কাঠৰ দলংখন এসময়ত ভাগি পৰে ৷ সেয়ে দলং নিৰ্মাণৰ বাবে ৰাইজে চৰকাৰক দাবী জনাইছিল ৷ কিন্তু ৰাইজৰ দাবী কামত নাহিল ৷ ফলত গাঁৱৰ ৰাইজে বিভিন্ন থলুৱা মাছেৰে পৰিপূৰ্ণ জিঞ্জিৰাম নৈত মাছ ধৰি সেই মাছ বিক্ৰী কৰা ধনেৰে সাঁকো এখন নিৰ্মাণৰ সিদ্ধান্ত লৈছিল ৷

কিন্তু 2013 চনত গাঁওবুঢ়া ব্ৰিলিয়েণ্ট মাৰাক আৰু স্থানীয় যুৱক খ্ৰাইবিট মাৰাকে জিঞ্জিৰামত মাছ মাৰিবলৈ গৈ আৱিষ্কাৰ কৰিলে এক বিৰল পৰিঘটনা ৷ কাৰণ মাছবোৰে নৈখনৰ এক নিৰ্দিষ্ট স্থানত সদায়েই একত্ৰিত হৈ থাকে । বানপানী বা পাহাৰৰ ঢল আহিলেও মাছবোৰ সেই নিৰ্দিষ্ট ঠাইৰ পৰা আঁতৰি নাযায় ৷ এনেকৈয়ে বকডো গাঁৱৰ ৰাইজ মাছৰ প্ৰেমত পৰিল আৰু পৰিহাৰ কৰিলে মৎস্য চিকাৰ ৷ তেতিয়াৰে পৰাই মাছ বিক্ৰী কৰি দলং সজাৰ পৰিকল্পনা বাদ দি মাছ-কাছবোৰ সংৰক্ষণৰ বাবে স্থানীয় যুৱক খ্ৰাইবিট মাৰাকৰ সহযোগত ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰে ৷

সেই সময়ৰে পৰাই নৈখনৰ 190 মিটাৰ দৈঘ্যৰ এলেকাত মাছ মৰা সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰা হ'ল ৷ লাহে লাহে কথাবোৰ মানুহৰ মাজতো জনাজনি হ’বলৈ আৰম্ভ কৰিলে ৷ ক্ৰমান্বয়ে বকডো গাঁৱত এজন দুজনকৈ পৰ্যটকৰো ভিৰ আৰম্ভ হ’ল ৷ সম্প্ৰতি ৰৌ,বৰালি,গৰৈ,চেঙেলী,পুঠি আদিৰ লগতে বিভিন্ন জলজ প্ৰাণীৰ বাসভূমি হৈ পৰা এই ঠাইডোখৰ চাবলৈ ভিৰ কৰে পৰ্যটকে ৷ ইফালে থলুৱা প্ৰজাতিৰ মাছ-কাছ আদি সংৰক্ষণৰ বাবে যথোপযুক্ত ব্যৱস্থা কৰাৰ লগতে পর্যটকক আকৰ্ষণ কৰিব পৰাকৈ বকডো যুৱ সংঘই সুন্দৰকৈ সজাই তোলাৰ প্ৰয়াস কৰিছে জিঞ্জিৰাম নৈৰ দুয়োপাৰ । আপুনিও যদি মাছৰ জলকেলি চাবলৈ বিচাৰে তেন্তে এবাৰ গৈ আহক গোৱালপাৰা জিলাৰ বকডো গাঁৱলৈ ৷

লগতে পঢ়ক : গোৱালপাৰাৰ পঞ্চৰত্নত বন বিভাগৰ উচ্ছেদ অভিযান

Last Updated : Jan 11, 2024, 10:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.