নিউজ ডেস্ক, 21 জুন : ‘‘যোগ হ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনাৰ এক সবল প্ৰক্ৰিয়া ৷ যোগে প্ৰাণৰ সঞ্চাৰ কৰে ৷ যোগ সাধনাই মন আৰু শৰীৰক সন্তুলিত কৰি ৰাখে’’ ৷ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day) । সমগ্ৰ দেশ তথা ৰাজ্যজুৰি মঙলবাৰে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ গোৱালপাৰা মহাবিদ্যালয়তো যোগ দিৱস পালন কৰা হয় (International Yoga Day celebrate in Goalpara) । পতঞ্জলি যোগপীঠৰ সহযোগত গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী দ্বাৰা পালন কৰা হয় এই যোগ দিৱসৰ কাৰ্যসূচী । তথ্য অনুসৰি, গোৱালপাৰা মহাবিদ্যালয়ত বিগত এমাহ ধৰি যোগৰ ওপৰত অনুশীলন কৰি থকা হৈছিল ।
ইয়াৰে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় একোখনি মানপত্ৰও ৷
লগতে পঢ়ক : International Yoga Day : বিশ্ব যোগ দিৱসত অংশগ্ৰহণ মন্ত্ৰী যোগেন মহনৰ
কেৱল গোৱালপাৰা মহাবিদ্যালয়তে নহয়, বাক্সাৰ বৰমাতো পুৱাই বিটিআৰ কেন্দ্ৰীয় যোগ সমিতিৰ উদ্যোগত আৰু বিটিআৰ চৰকাৰৰ সহযোগত বৰমা ছোৱালী হাইস্কুল প্ৰেক্ষাগৃহত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় (International Yoga Day celebrate in Baska)। যোগ দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে বৰমাৰ স্থানীয় বিধায়ক ভূপেন বড়োৱে ।
এটা সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হ’বলৈ যোগাভ্যাস অতিকৈ প্ৰয়োজনীয় বুলি মন্তব্য কৰে বিধায়ক ভূপেন বড়োৱে ৷ উক্ত যোগ দিৱসৰ কাৰ্যসূচীত বৰমা ছোৱালী হাইস্কুলৰ ছাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : যোগৰ বাবেই বিশ্বব্ৰহ্মাণ্ডলৈ শান্তি আহিছে : প্ৰধানমন্ত্ৰী মোডী
‘‘আমাক জীয়াই থাকিবলৈ আহাৰ লাগে ৷ কিন্তু ভালকৈ, নিৰোগী হৈ আৰু এটা শক্তিশালী মন লৈ জীৱন যাপন কৰিবলৈ আমাক যোগাভ্যাসৰ প্ৰয়োজন ৷ সমাজত শান্তিৰ বাবে, মানৱতা ৰক্ষাৰ বাবেও আমি যোগ কৰিব লাগিব’’ ৷ ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু আয়ুস মন্ত্ৰালয়ৰ সহযোগত গুৰুদ্বাৰা শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবজীৰ প্ৰাংগনত মঙলবাৰে পুৱাই আয়োজিত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰি এইদৰে কয় ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে (International Yoga Day celebrate in Dhuburi) ৷
গোৱালপাৰা, বৰমা, ধুবুৰীৰ লগতে বোকাখাতো উদযাপন কৰা হয় অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী ৷ ৰাষ্ট্ৰীয় আয়ুস অভিযান অসমৰ সৌজন্যত বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু বোকাখাত জিলা যোগ সন্থাৰ সহযোগত বোকাখাত নাট্য মন্দিৰত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় (International Yoga Day celebrate in Bokakhat) ৷
বোকাখাতত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদে ৷ এই যোগ দিৱসত বোকাখাত জিলা যোগ সন্থাৰ শিক্ষাৰ্থীৰ লগতে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী আৰু বোকাখাতৰ প্ৰায় ডেৰ শতাধিক লোকে অংশ গ্ৰহণ কৰি যোগাভ্যাস কৰা পৰিলক্ষিত হয় ৷
যোগক্ৰীড়াৰ ক্ষেত্ৰখনত কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰ্জাতিক পদক লাভ কৰিবলৈ সক্ষম হোৱা অংকিতা শইকীয়া নামৰ কিশোৰীগৰাকীয়ে পুৱাতেই পুৰণিগুদাম মুঢ়ানীস্থিত এটি মন্দিৰৰ প্ৰাংগণত নিৰলে কৰিছে যোগসাধনা । অংকিতাৰ মতে, যোগাভ্যাসৰ বাবে উত্তম সময় কাহিলি পুৱা ৷ কাহিলি পুৱাতে প্ৰকৃতিৰ মাজত নিৰলে কৰা যোগসাধনাই বৃদ্ধি কৰিব পাৰে শাৰীৰিক আৰু মানসিক শক্তি ৷
লগতে পঢ়ক : World Yoga Day : অসম ৰাইফলছৰ উদ্যোগত আন্তঃৰ্জাতিক যোগ দিৱস পালন