ETV Bharat / state

গোৱালপাৰাত দেশৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনচন কেম্প

দেশৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনচন কেম্প নিৰ্মাণ কৰি আছে গোৱালপাৰাত ৷ 2.5 হেক্​টৰ মাটিত নিৰ্মাণ কৰা হৈছে এই কেম্পটো ৷ 45 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই কেম্পটোত 3 হেজাৰ লোকৰ খোৱা আৰু থকাৰ সুব্যৱস্থা থকাৰ লগতে পুৰুষ আৰু মহিলাৰ বাবে আছে পৃথকে পৃথকে কোঠা

দেশৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনচন কেম্প
author img

By

Published : Sep 17, 2019, 1:58 PM IST

গোৱালপাৰা, 17 চেপ্টেম্বৰঃ সদ্যপ্ৰকাশিত চূড়ান্ত এনআৰচিৰ তালিকাৰ পৰা 19,06,657 লোকৰ নাম বাদ পৰিছে ৷ এতিয়া এওঁলোকৰ একমাত্ৰ ভৰসা বিদেশী ন্যায়াধীকৰণ ৷ বিদেশী ন্যায়াধীকৰণে থিৰাং কৰিব এনআৰচিত নাম নথকা লোক সকলৰ ভিতৰত কোন বিদেশী আৰু কোন স্বদেশী ৷ ইয়াৰ মাজতে বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিবলগীয়া লোকসকলক ৰাখিবৰ বাবে গোৱালপাৰা মাটিয়াত নিৰ্মাণ কৰি থকা হৈছে দেশৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনচন কেম্পটো ৷

দেশৰ ভিতৰতে সৰ্ববৃহৎ ডিটেনচন কেম্প

2.5 হেক্​টৰ মাটিত নিৰ্মাণ কৰা হৈছে এই কেম্পটো ৷ 45 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই কেম্পটোত 3 হেজাৰ লোকৰ খোৱা আৰু থকাৰ সুব্যৱস্থা থকাৰ লগতে পুৰুষ আৰু মহিলাৰ বাবে আছে পৃথকে পৃথকে কোঠা ৷ অৰ্থাৎ 6-7 খন ফুটবল খেলপথাৰৰ সমান হ'ব এই ডিটেনচন কেম্পৰ পৰিধি ৷ আগন্তুক ডিচেম্বৰ মাহত নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া এই কেম্পত থাকিব এটা সুবিশাল সভাগৃহ, 180টা প্ৰসাৱগাৰ, 15 টা অট্টালিকা আৰু কাৰাবন্দী সকলৰ স্বাস্থ্য আৰু সন্তানৰ বাবে থাকিব, চিকিৎসালয় আৰু শিক্ষানুষ্ঠান৷ কেন্দ্ৰৰ নিৰ্দেশত শেহতীয়াকৈ কেম্পটোৰ নিৰ্মাণৰ প্ৰক্ৰিয়া দ্ৰুত গতিত আগবাঢ়িছে । দিনে-নিশাই চলিছে ডিটেনচন কেম্পটোৰ নিৰ্মাণ কাৰ্য ৷

উল্লেখ্য যে 500ৰো অধিক শ্ৰমিকে নিৰ্মাণ কৰি থকা এই কেম্পৰ একাংশ শ্ৰমিকৰে নাম নাই এনআৰচিত ৷এনআৰচিত নাম নথকা অধিকাংশই মহিলা শ্ৰমিক ৷ সাংবাদিকৰ আগত আবেগিক হৈ চিন্তিত শ্ৰমিক এজনে ক'লে- আমি নিজে হাতেৰে নিৰ্মাণ কৰি আছো নেকি আমাৰ কাৰাগাৰ?

Anchor :- গোৱালপাৰা মাটিয়াত ৪৫ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা হৈ আছে ডিটেনশ্যন কেম্প।এইটো হৈছে দেশৰ ভিতৰত সৰ্ববৃহৎ ডিটেনশন কেম্প।দ্ৰুত গতিত চলিছে নিৰ্মানকাৰ্য।২.৫ হেকটোৰ মাটিকালিত নিৰ্মান হৈ আছে এই কেম্প। ৩ হেজাৰ লোকৰ খোৱা আৰু থকাৰ সুব্যৱস্থাৰ লগতে পুৰুষ-মহিলাৰ বাবে আছে পৃথকে পৃথকে কোঠা।

V.O :- সদ্যপ্ৰকাশিত চূড়ান্ত এনআৰচি ৰ পৰা বাদ পৰা লোকৰ সংখ্যা ১৯ লাখ ৬ হেজাৰ ৬ শ ৫৭ ।এতিয়া এওঁলোকৰ ভৰসা বিদেশী ন্যায়াধীকৰন।বিদেশী ন্যায়াধীকৰণে থিৰাং কৰিব এনআৰচি ত নাম নথকা কোন বিদেশী কোন স্বদেশী।ইয়াৰ মাজতে বিদেশী ন্যায়াধীকৰনে বিদেশী ঘোষনা কৰিবলগীয়া লোকৰ বসতিৰ বাবে গোৱালপাৰা মাটিয়াত নিৰ্মান তীব্রতৰ কৰিছে দেশৰ ভিতৰত সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটো।৪৫ কোটি টকা ব্যয়-সাপেক্ষে নিৰ্মান হবলগীয়া এই কেম্পটো স্থাপন কৰা হৈছে ২.৫ হেকটোৰ মাটিকালিত অৰ্থাৎ ৬/৭খন ফুটবল খেলপথাৰৰ সমান হব ঘোষিত বিদেশীৰ এই নতুন ঠিকনা।

V.O:- অহা ডিচেম্বৰ মাহতে নিৰ্মাণ সম্পূৰ্ণ হবলগীয়া এই কেম্পত থাকিব ৩ হেজাৰ লোকৰ থকা-খুৱাৰ সুবিধা।পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে আছে কোঠা।এটা সুবিশাল সভাগৃহ।থাকিব ১৮০ টা টয়লেট,১৫খন অট্টালিকা আৰু কাৰাবন্দী সকলৰ স্বাস্থ্য আৰু সন্তানৰ বাবে থাকিব,চিকিৎসালয় আৰু শিক্ষানুষ্ঠান।কেন্দ্ৰৰ নির্দেশত শেহতীয়াকৈ দ্ৰুত গতিত আগবাঢ়িছে কেম্পটোৰ নিৰ্মাণৰ প্ৰক্ৰিয়া।দিনে-নিশাই চলিছে নিৰ্মান কাৰ্য।

V. O :- অতি উল্লেখনীয় যে এই কেম্প টোত ৫০০ ৰো অধিক শ্ৰমিক নিৰ্মান কৰি থকা এই কেম্পৰ একাংশ শ্ৰমিকৰ নাম নাই এন আৰচি ত ।এনআৰচি ত নাম নথকা অধিকাংশ ই মহিলা শ্ৰমিক। চিন্তিত এই সকল শ্ৰমিক।আমি নিজে হাতেৰে নিৰ্মাণ কৰি আছো নেকি আমাৰ কাৰাগাৰ ????সাংবাদিকৰ আগত আবেগিক হৈ ব্যক্ত কৰিলে এজন শ্ৰমিক।

spl story

pkg bonabo

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.