গোৱালপাৰা,16 ডিচেম্বৰ : গোৱালপাৰা জিলাৰ খলিছাভিটাত ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণ । মঙলবাৰে নিশা ২ মান বজাত অচিনাক্ত দুৰ্বৃত্তই লক্ষীপুৰ থানাৰ অন্তৰ্গত খলিচাভিটা বজাৰৰ সৰবেশ আলীৰ নামৰ ব্যাক্তিজনৰ ঘৰৰ খিৰিকিৰ কাষত গ্ৰেণেড নিক্ষেপ কৰিছিল । ইপিনে গ্ৰেণেড বিস্ফোৰণ ফলত সৰবেশ আলী ( 52 ) আৰু পত্নী আঞ্জু মনোৱাৰা খাতুন (38) গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় ।
আনহাতে সম্প্ৰতি দুয়োগৰাকীয়ে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত লক্ষীপুৰ আৰু ধূমেৰঘাট থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ইপিনে বৰ্তমানলৈ আৰক্ষীয়ে কোনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই । উল্লেখযোগ্য যে, বিগত কিছু দিনৰ পৰা অঞ্চলটোত অপৰাধ মূলক কাম-কাজ বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে খলিচাভিটা বাসী ৰাইজ ।
লগতে পঢ়কঃ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানিয়েই নগাঁৱত অনুষ্ঠিত হ'ব তিৱা স্বায়ত শাসিত পৰিষদৰ নিৰ্বাচন