গোৱালপাৰা, 18 অক্টোবৰ : সদ্য ঘোষিত NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গোৱালপাৰা তথা ব্ৰুকফিল্ড একাডেমিলৈ সুনাম কঢ়িয়াই আনিছে শুভাশিষ ভৌমিকে। দেশৰ ভিতৰত 1546 স্থান লৈ উত্তীৰ্ণ হৈছে শুভাশিষ ভৌমিকে । যাক লৈ গৃহ চহৰৰ লগতে শিক্ষানুষ্ঠানখনত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৷
![Gopalpara students pass NEET exam for 1546th rank in the country](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-gol-17oct-801-student-felicitetion-visbytephoto-spcl-story-as10022_17102020171004_1710f_02312_76.jpg)
উল্লেখ্য যে, ব্ৰুকফিল্ড একাডেমিৰ পৰা শুভাশিষ ভৌমিকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম স্থান দখল কৰি শিক্ষানুষ্ঠানখনৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । একেদৰে সদ্যঘোষিত NEET পৰীক্ষাতো 720 নম্বৰৰ ভিতৰত 666 নম্বৰ পাবলৈ সক্ষম হৈছে ভৌমিকে ।
![Gopalpara students pass NEET exam for 1546th rank in the country](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-gol-17oct-801-student-felicitetion-visbytephoto-spcl-story-as10022_17102020171009_1710f_02312_57.jpg)
ছাত্ৰজনৰ সফলতাৰ পিচতে ব্ৰুকফিল্ড একাডেমিত অনুষ্টুপিয়াকৈ আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত শুভাশিষ ভৌমিকক একাডেমিৰ পৰা ফুলাম গামোচা আৰু এখনি শৰাইৰে সম্বৰ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানত একাডেমিৰ পৰিচালন সঞ্চালক শাহী মহম্মদ কৰিমে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷
লগতে পঢ়ক : ঢেকিয়াজুলিত উৎখাত ভুৱা চিকিৎসালয়