ETV Bharat / state

গোৱালপাৰাত বিধ্বস্ত পথ নিৰ্মাণত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

গোৱালপাৰাত পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাক্ষসনি আৰু লেয়াৱাৰী অঞ্চলৰ ৰাইজক । গোৱালপাৰা-মাটিয়া পথৰ ডুবাপাৰাৰ পৰা ৰাক্ষসনি-ফুটুৰিপাৰা-হাৰিমুৰা হৈ কৃষ্ণাই লৈ যোৱা এটা গুৰুত্বপূৰ্ণ পথ সম্প্ৰতি ভগ্নপ্ৰায় অৱস্থাত আছে । বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে সম্প্ৰতি গাঁঠিৰ ধন ভাঙি ৰাইজে পথছোৱা মেৰামতি কৰিবলগীয়া হৈছে ।

গোৱালপাৰা
বিধ্বস্ত পথ
author img

By

Published : Jan 1, 2020, 6:43 AM IST

গোৱালপাৰা,1 জানুৱাৰীঃ উন্নয়নৰ সদিচ্ছাৰ অভাৱৰ বাবে স্তব্ধ হৈ ৰৈছে গোৱালপাৰাৰ গড়কাপ্তানী বিভাগৰ অন্তৰ্গত পথসমূহ ৷ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাক্ষসনি আৰু লেয়াৱাৰী অঞ্চলৰ ৰাইজক । গোৱালপাৰা-মাটিয়া পথৰ ডুবাপাৰাৰ পৰা ৰাক্ষসনি-ফুটুৰিপাৰা-হাৰিমুৰা হৈ কৃষ্ণাই লৈ যোৱা এটা গুৰুত্বপূৰ্ণ পথ সম্প্ৰতি ভগ্নপ্ৰায় অৱস্থাত আছে । শীতৰ সময়ছোৱাতো একাঁঠু বোকাপানীৰে ভৰ্তি হৈ আছে পথছোৱা । বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে সম্প্ৰতি গাঁঠিৰ ধন ভাঙি ৰাইজে পথছোৱা মেৰামতি কৰিবলগীয়া হৈছে ।

পথৰ দুৰৱস্থাত অতিষ্ঠ গাওঁবাসী

সমগ্ৰ অঞ্চলটোৰ প্ৰতি বিধায়ক,সাংসদ তথা চৰকাৰৰ নাই তিলমানো সদিচ্ছা । বহুবাৰ স্থানীয় ৰাইজে বিধায়কৰ লগতে গড়কাপ্তানী বিভাগ আৰু জিলা প্ৰশাসনক অৱগত কৰিছিল ৰাস্তাটোৰ বিষয়ে । কিন্তু বৰ্তমানলৈকে এই কথাত তিলমানো গুৰুত্ব প্ৰদান কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই ৷

লগতে চাওকঃৰাজ্যবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা শিল্পী জুবিন গাৰ্গৰ

Anchor:- উন্নয়নত সদিচ্ছাৰ অভাৱ গৰকপ্তানী বিভাগৰ।সমষ্টি উন্নয়নৰ ক্ষেত্ৰত তিলমানো গুৰুত্ব নাই জন প্ৰতিনিধিৰ।বছৰ বছৰ ধৰি বিধৱস্ত অৱস্থাত পৰি ৰৈছে এই পথটো।তৎসত্তেও মেৰামতিৰ নাম গোন্ধ ই নলয় জিলা গৰকপ্তানী বিভাগে।অৱশেষত ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰছে এই পথছোৱা।।

VO:- হয়! পথটোলৈ লক্ষ্য কৰক। পথৰ দুর্বৱস্থাই জ্বলা কলা খুৱাইছে ৰাক্ষসনি আৰু লেয়াৱাৰী অঞ্চলৰ ৰাইজক।গোৱালপাৰা-মাটিয়া পথৰ ডুবাপাৰা ৰ পৰা ৰাক্ষসনি-ফুটুৰিপাৰা -হাৰিমুৰা হৈ কৃষ্ণাই লৈ যোৱা এটা গুৰুত্বপূৰ্ণ পথ।এই পথটোৰ ওপৰত শীতকালতো একাঠু বোকা-পানী।গাঁঠিৰ ধন ভাঙি ৰাইজে কৰিছে মেৰামতি।বালি ক্ৰয় কৰি আনি পেলাই আছে ৰাস্তাত।ৰাইজে শ্ৰম দানেৰে কৰিছে মেৰামতি।বিধায়ক,সাংসদ তথা চৰকাৰৰ নাই তিলমানো সদিচ্ছা।বহুবাৰ স্থানীয় ৰাইজে বিধায়ক,গৰকপ্তানী বিভাগ তথা জিলা প্ৰশাসনক অৱগত কৰিছিল ৰাস্তাটোৰ বিষয়ে।কিন্তু তিল মানো গুৰুত্ব নাই বিধায়ক তথা জিলা গৰকপ্তানী বিভাগৰ।অৱশেষত ৰাইজেই ৰাইজৰ পৰা টকা সংগ্ৰহ কৰি শ্ৰম দানেৰে নিৰ্মান কৰিছে এই পথছোৱা।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.