ETV Bharat / state

গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ - গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ

গোৱালপাৰৰ ফুটুৰীপাৰা-লেওঁৱাবাৰী গাঁৱত শুকুৰবাৰে বন্যহস্তীয়ে আক্ৰমণ চলাই ধ্বংস কৰে এজন লোকৰ বাসগৃহ ৷ আক্ৰমণত কথমপি ৰক্ষা পৰে পৰিয়ালটো ৷

as_gol_wild-elephant-attack_img_as10022
গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ
author img

By

Published : Dec 26, 2020, 1:48 PM IST

Updated : Dec 26, 2020, 2:20 PM IST

গোৱালপাৰা,26 ডিচেম্বৰ: গোৱালপাৰাত অব্যাহত আছে বন্যবস্তীৰ তাণ্ডৱ ৷ জিলাখনৰ ফুটুৰীপাৰা-লেওঁৱাবাৰী গাঁৱত শুকুৰবাৰে বন্যহস্তীয়ে আক্ৰমণ চলাই ধ্বংস কৰে এজন লোকৰ বাসগৃহ ৷ শুকুৰবাৰে নিশা প্ৰায় ২:৩০ বজাত 25 টা বনৰীয়া হাতীৰ এটা জাকে হাকামি আলীৰ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে বাৰীৰ সকলো গছ-গছনি ভাঙি তহিলং কৰে ৷ ইয়াৰ উপৰিও হাতীৰ জাকটোৱে ভঁড়ালৰ ধানসমূহো খাই নষ্ট কৰে ৷

as_gol_wild-elephant-attack_img_as10022
গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ

আনহাতে, হাতীৰ আক্ৰমণত শংকিত হাকামি আলীৰ পৰিয়ালে নিশাই প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয় ৷ অতিশীঘ্ৰে হাকামি আলীৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় ৰাইজে ৷

গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ

লগতে পঢ়ক-ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : পচকীবালা ৰায়ৰ ঘৰলৈ সাহায্য

Last Updated : Dec 26, 2020, 2:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.