গোৱালপাৰা,23এপ্ৰিল: গুৱাহাটী লোকসভা সমষ্টিৰ গোৱালপাৰাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত চিতলমাৰী বনগাঁও কেন্দ্ৰত মঙলবাৰে পুৱা ভোটদান কৰিবলৈ গৈ এগৰাকী মহিলাৰ মৃত্যু হয় ৷ জানিব পৰা মতে মৃত মহিলা গৰাকীৰ নাম সুনন বালা নাথ(৫৫) ৷ ঘটনা অনুসৰি টিপলাই খোলেপাৰা নিবাসী সুনন বালা নাথে মঙলবাৰে পুৱা নিজ গৃহৰ পৰা প্ৰায় দুই কিলোমিটাৰ আঁতৰত স্থাপিত চিতলমাৰী বনগাঁও ভোটগ্ৰহণ কেন্দ্ৰলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই গৈছিল ৷ এই ভোটগ্ৰহণ কেন্দ্ৰত শাৰীপাতি ৰৈ থাকোঁতেই মহিলা গৰাকী হঠাৎ ঢলি পৰে ৷ লগে লগে অসুস্থ মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মহিলা গৰাকীক মৃত বুলি ঘোষণা কৰে ৷ আনহাতে ৰংজুলি আৰক্ষী থানাৰ বেলপাৰাৰ গোলাপী ৰাভা আৰু নাগবাৰীৰ ৰেণু বালা ৰাভা নামৰ আন দুগৰাকীও মহিলা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰখৰ ৰ’দ সহিব নোৱাৰি অসুস্থ হৈ পৰে ৷
গোৱালপাৰাত ভোট দিবলৈ গৈ এগৰাকী মহিলাৰ মৃত্যু; অসুস্থ 2
গোৱালপাৰা ৰংজুলিৰ চিতলমাৰীত অঘটন ৷ ভোট দিবলৈ গৈ মৃত্যুমুখত পৰিল এগৰাকী মহিলা ৷ আনহাতে আন দুগৰাকী মহিলা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰখৰ ৰ’দ সহিব নোৱাৰি অসুস্থ হৈ পৰে ৷