ETV Bharat / state

গোৱালপাৰাত পথ নিৰ্মাণত সংঘটিত চূড়ান্ত অনিয়ম

author img

By

Published : Mar 7, 2020, 5:35 PM IST

দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীল নীতি গ্ৰহণ চূড়ান্ত ভেকোভাওনাত পৰিণত হৈছে গোৱালপাৰাত । কেৱল ব্লক ব্যৱহাৰ কৰিয়ে ঠিকাদাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিছে কোটিটকীয়া পথৰ । গোৱালপাৰাত প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে অবাধ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ।

Goalpara Road Corruption
পথ নিৰ্মাণত অনিয়ম

গোৱালপাৰা, 7 মাৰ্চঃ গোৱালপাৰা জিলাৰ গড়কাপ্তানী বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে অতপালিৰ অভিযোগ স্থানীয় ৰাইজৰ । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা পথৰ ক্ষেত্ৰত সংঘটিত এই দুৰ্নীতি ৷ স্থানীয় ৰাইজৰ অভিযোগক কেৰেপ নকৰে ঠিকাদাৰে । তথ্য অনুসৰি, গোৱালপাৰা জিলাৰ গড়কাপ্তানী বিভাগৰ অধীনষ্ঠ মজগুৰি এল পি স্কুলৰ পৰা আমগুৰিলৈ যোৱা পথচোৱা দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছিল ৷

Goalpara Road Corruption
পথ নিৰ্মাণত অনিয়ম

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত সম্প্ৰতি নিৰ্মাণ হৈ থকা পথছোৱা নিৰ্মাণৰ দায়িত্ব বিভাগীয় কৰ্তৃপক্ষই অৰ্পণ কৰিছিল ঠিকাদাৰ দুৰ্গাদত্ত ৰাভাক । প্ৰায় ১.৮২ কিল'মিটাৰ পথ নিৰ্মাণত বিভাগে ব্যয় ধাৰ্য কৰিছিল ৩,২১,৯২,৬০০টকা ৷ ঠিকাদাৰ গৰাকীক বাৰে বাৰে কামটো ক্ৰুটিপূৰ্ণভাৱে সমাপ্ত কৰিবলৈ দাবী জনাই আহিছে স্থানীয় ৰাইজে ৷ কিন্তু ৰাইজৰ কথাত গুৰুত্ব প্ৰদান নকৰে ঠিকাদাৰ গৰাকীয়ে ।

নিম্নমানৰ কামেৰে দায়িত্ব সৰাৰ চেষ্টা ঠিকাদাৰৰ

সম্প্ৰতি জিলাখনৰ গড়কাপ্তানী পথ সংমণ্ডলৰ অধীনৰ প্ৰায়বোৰ নিৰ্মাণৰত পথত ঠিকাদাৰে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । যিটো সময়ত চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা বাৰে বাৰে কৈ আহিছে,একে সময়তে ৰাজ্যৰ কেতবোৰ বিভাগত সংঘটিত হৈ আহিছে বিয়াগোম দুৰ্নীতি । দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ বিজেপিত যোগদান কৰা বিভাগীয় মন্ত্ৰীয়ে এইক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় ।

লগতে চাওকঃশিৱসাগৰত চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.