গোৱালপাৰা,9 ডিচেম্বৰ: ধৰ্ষণ,যৌন নিৰ্যাতনৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন বলৱৎ কৰাৰ পিছতো যৌন সমন্ধীয় অপৰাধৰ ঘটনা সংঘটিত হৈয়েই আছে । নগৰবেৰাৰ গাগলমাৰীত এটি ৪ বছৰীয়া কনমাণিক ধৰ্ষণৰ চেষ্টা চলালে এজন ৫০ বছৰীয়া বৃদ্ধই। এই ঘটনাৰ পিচতে নগৰবেৰা আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।
গোৱালপাৰাত 4 বছৰীয়া শিশুক যৌন নিৰ্যাতনৰ অপচেষ্টা ৫০ বছৰীয়া বৃদ্ধৰ জানিব পৰামতে অভিযুক্ত লোকজন হৈছে নগৰবেৰাৰ গাগলমাৰীৰ সুভাষ দাস ৷ ঘটনা অনুসৰি নগৰবেৰাৰ গাগলমাৰীৰ সুভাষ দাস নামৰ লোকজনে একে গাঁৱৰে এটি ৪ বছৰীয়া শিশুক চকলেট দিয়াৰ চলেৰে ধৰ্ষণৰ চেষ্টা চলায় ৷ ৬ ডিচেম্বৰত সংঘটিত হয় জঘন্য ঘটনা ৷ এই ঘটনাৰ পিছত শিশুটিৰ পিতৃয়ে নগৰবেৰা থানাত গোচৰ দিয়াত আৰক্ষীয়ে অভিযুক্ত সুভাষ দাসক গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক:নৰ্থ ইষ্টৰ ৰাজ্যিক ভাষা হ'ব বাংলা ভাষাঃ বিশ্বনাথত প'ষ্টাৰ