গোৱালপাৰা,১৮ মাৰ্চ: ৩৭ নং গোৱালপাৰা পূৱ সমষ্টিৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী আমিনুল হকে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে পথত বৃহৎ সমদলত অংশ লয় সমষ্টিটোৰ শতাধিক লোকে । সমদলত অখিল গগৈ জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, আমিনুল হক জিন্দাবাদ আদি শ্ল'গান দি নামদল, বিহুৱা দল, বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টিৰ দলে নৃত্য প্ৰদৰ্শন কৰি বিপুল সঁহাৰি জনায় ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক ।
সমৰ্থকৰ সঁহাৰি লাভ কৰি উৎফুল্লিত হৈ প্ৰাৰ্থী আমিনুল হকে সাংবাদিকৰ আগত কয় যে, এইবাৰ গোৱালপাৰা পূৱ সমষ্টিত ৰাইজৰ দলৰ বিজয় নিশ্চিত । বছৰ-বছৰ ধৰি উন্নয়নৰ পৰা বঞ্চিত হোৱা এই সমষ্টিবাসীয়ে এইবাৰ পৰিবৰ্তন বিচাৰিছে বুলিও দাবী কৰে প্ৰাৰ্থী গৰাকীয়ে ।
লগতে পঢ়ক: সুৰভী ৰাজকুঁৱৰীৰ হৈ শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ তপন গগৈৰ