ETV Bharat / state

সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবাত গোৱালপাৰাত সাংবাদিকৰ প্ৰতিবাদ

author img

By

Published : Nov 16, 2020, 10:46 PM IST

গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সভাপতি আব্দুছ ছোবাহানে কয় যে, সংবাদকৰ্মী সকল বৰ্তমান নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে। নিৰপেক্ষ বাতৰি পৰিবেশন কৰিবলৈ গৈ বহু সময়ত সাংবাদিক সকল নিৰ্যাতিত হবলগীয়া ঘটনা যেন আজি সুলভ হৈ পৰিছে । গতিকে চৰকাৰে সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু সাংবাদিকক হত্যা আৰু নিৰ্যাতন চলোৱা দুস্কৃতিকাৰী সকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে।

goalpara-journalist-protest
সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবাত গোৱালপাৰাত সাংবাদিকৰ প্ৰতিবাদ

গোৱালপাৰা, 16 নৱেম্বৰ: সাংবাদিক সকল আজি নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। কেতিয়াবা যদি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে কেতিয়াবা আকৌ জনতাৰ ৰোষত পৰিবলগীয়া হৈছে সাংবাদিক সকল। কাক পথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ১৫ নবেম্বৰত বকোত মিলন মহন্ত নামৰ এগৰাকী সাংবাদিকক জনতাৰ ভিৰত শাৰীৰিক অত্যাচাৰ চলোৱা কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। মিলন মহন্ত নামৰ সাংবাদিক গৰাকীৰ নিৰ্যাতনৰ ঘটনা সামাজিক মাধ্যমত তোলপাৰ লগোৱাৰ সময়তে গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত এক প্ৰতিবাদী ৰেলী বাহিৰ কৰা হয়।

সাংবাদিক সন্থাৰ উলিওৱা ৰেলীত সাংবাদিকৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰক, আৰক্ষী প্ৰশাসন হায় হায়, অসম চৰকাৰ হায় হায় ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ।

গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সভাপতি আব্দুছ ছোবাহানে কয় যে, সংবাদ কৰ্মী সকল বৰ্তমান নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে। নিৰপেক্ষ বাতৰি পৰিবেশন কৰিবলৈ গৈ বহু সময়ত সাংবাদিক সকল নিৰ্যাতিত হবলগীয়া ঘটনা যেন আজি সুলভ হৈ পৰিছে । গতিকে চৰকাৰে সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু সাংবাদিকক হত্যা আৰু নিৰ্যাতন চলোৱা দুস্কৃতিকাৰী সকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে। সাংবাদিকক নিৰ্যাতন কৰা দোষী ব্যক্তিক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰাৰ দাবীত গোৱালপাৰা জিলা প্ৰশাসনৰ লগতে মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কথাও দোহাৰে সাংবাদিক সন্থাৰ সভাপতি গৰাকীয়ে।

লগতে পঢ়ক: তুষাৰপাতৰ বাবে বন্ধ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.