গোৱালপাৰা, 1 আগষ্টঃ গোৱালপাৰা চহৰৰ মাজমজিয়াৰ 2 নং ৱাৰ্ডৰ ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ প্ৰায় এবছৰ ধৰি ৱাৰ্ডটোৰ বাসিন্দাসকলে বিশুদ্ধ খোৱা পানীৰ বাবে প্ৰায় 50 মিটাৰ নিলগৰ হাদিৰাচকী বাসুদেৱ সত্ৰ প্ৰাঙ্গনত থকা দমকলৰ পৰা প্ৰতিদিনে ঠেলাৰে কঢ়িয়াই খোৱাপানী সংগ্ৰহ কৰিব লগা হৈছে ৷ ইয়াৰোপৰি ৱাৰ্ডটোৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ পানী আন আন কামত ব্যৱহাৰ কৰে যদিও খৰালি সময়ত ব্ৰহ্মপুত্ৰৰ পানী শুকাই গ'লে পানীৰ বাবে অধিক হাহাকাৰ কৰিব লাগে ৱাৰ্ডটোৰ লোকসকলে ৷উল্লেখযোগ্য যে, ৱাৰ্ডটোৰ বাসিন্দা সকলে জিলা উপায়ুক্ত, পৌৰসভা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওচৰত এই সন্দৰ্ভত বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই বৰ্তমানলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই ।
গোৱালপাৰাত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ - হাহকাৰ
গোৱালপাৰা চহৰৰ মাজমজিয়াৰ 2 নং ৱাৰ্ডৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ, গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ
গোৱালপাৰা, 1 আগষ্টঃ গোৱালপাৰা চহৰৰ মাজমজিয়াৰ 2 নং ৱাৰ্ডৰ ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ প্ৰায় এবছৰ ধৰি ৱাৰ্ডটোৰ বাসিন্দাসকলে বিশুদ্ধ খোৱা পানীৰ বাবে প্ৰায় 50 মিটাৰ নিলগৰ হাদিৰাচকী বাসুদেৱ সত্ৰ প্ৰাঙ্গনত থকা দমকলৰ পৰা প্ৰতিদিনে ঠেলাৰে কঢ়িয়াই খোৱাপানী সংগ্ৰহ কৰিব লগা হৈছে ৷ ইয়াৰোপৰি ৱাৰ্ডটোৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ পানী আন আন কামত ব্যৱহাৰ কৰে যদিও খৰালি সময়ত ব্ৰহ্মপুত্ৰৰ পানী শুকাই গ'লে পানীৰ বাবে অধিক হাহাকাৰ কৰিব লাগে ৱাৰ্ডটোৰ লোকসকলে ৷উল্লেখযোগ্য যে, ৱাৰ্ডটোৰ বাসিন্দা সকলে জিলা উপায়ুক্ত, পৌৰসভা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওচৰত এই সন্দৰ্ভত বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই বৰ্তমানলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই ।
Anchor:- গোৱালপাৰাত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ 2নং ৱাৰ্ড বাসীৰ। নীৰৱ ৱাৰ্ড কমিছনাৰ, বিধায়ক তথা জিলা প্ৰশাসন।চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।Body:slug: as_gol_01aug_goalpara_water_problem_vis5+byt1_7203844
V.O :- এটুপি খোৱা পানীৰ বাৱে হাহাকাৰ গোৱালপাৰা চহৰৰ ২নং ৱাৰ্ডৱাসীৰ। আবেদনৰ পিচতো গুৰুত্ব নাই জিলা প্ৰশাসন তথা পৌৰসভাৰ।
অধিক হাহাকাৰ কৰিবলগীয়া হৈছে চন্দৰীয়া আৰু পূৱ পাহাৰতলীৰ ৰাইজ। 'সহকা ছাথ সবকা বিকাশ'ৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনতে গোৱালপাৰা চহৰৰ মাজমজিয়াৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ । প্ৰায় এবছৰ ধৰি ৱাৰ্ডটোৰ বাসিন্দাসকলে পানীৰ অভাৱত দুৰ্বিসহঃ জীৱন কটাবলগীয়া হৈছে। এই ৱাৰ্ডটোৰ বাসিন্দাসকলে প্ৰায় ৫০ মিটাৰ নিলগৰ হাদিৰাচকী বাসুদেৱ সত্ৰ প্ৰাঙ্গনত থকা দমকলটোৰ পৰা প্ৰতিদিনে ঠেলাৰে কঢ়িয়াই নিয়ে খোৱাপানী। প্ৰতিটো পৰিয়ালৰ শিশুৰ পৰা বৃদ্ধালৈকে সকলোৱে হাতে হাতে পানীৰ পাত্ৰ লৈ শাৰী শাৰীকৈ কঢ়িয়াব লাগে পানী। ৱাৰ্ডটোৰ গাতে লাগি থকা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পানী আন আন কামত ব্যৱহাৰ কৰে যদিও খোৱাৰ বাবে পানী কঢ়িয়াব এনেদৰে। খৰালি কালত ব্ৰহ্মপুত্ৰৰ পানী শুকাই গ'লে পানীৰ বাবে অধিক হাহাকাৰ কৰিব লাগে ৱাৰ্ডটোৰ লোকসকল। ৱাৰ্ডটোৰ ৰাইজে জিলা উপায়ুক্ত, পৌৰসভা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও কোনেও গুৰুত্ব দিয়া নাই। Conclusion:slug: as_gol_01aug_goalpara_water_problem_vis5+byt1_7203844
গোৱালপাৰাৰ, পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।