গোৱালপাৰা, 22 ছেপ্তেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰ দাবীত মঙলবাৰে গোৱালপাৰাত গোৱালপাৰা আঞ্চলিক ছাত্র সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ কেন্দ্রীয় চৰকাৰৰ এই হঠকাৰী নীতিৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰি গোৱালপাৰা জিলা ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক বেদান্ত কাশ্যপে কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গাদী ৰক্ষাৰ স্বাৰ্থত অসমীয়া জাতিটোক ব্যৱহাৰ কৰি আহিছে ৷ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ যিহেতু অসমীয়া নহয়, সেয়েহে তেওঁলোকে অসমীয়াৰ আবেগ অনুভুতি বুজি নাপায় । অসমৰ সম্পদবোৰতহে কেন্দ্ৰৰ চকু, কিন্তু অসমৰ সমস্যাবোৰ কেন্দ্ৰই উপলব্ধি কৰিব নোৱাৰে ৷
অসমৰ পৰা নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত অসমত ‘কা’ বিৰোধী আন্দোলন অব্যাহত থাকিব বুলি হংকাৰ দিয়ে ছাত্ৰ নেতাগৰাকীয়ে ৷ 2021ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি মন্তব্য কৰে বেদান্ত কাশ্যপে ৷
লগতে পঢ়ক-চামগুৰি পাৱাৰ গ্ৰীড ষ্টেছন পৰদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ