ETV Bharat / state

ধন দাবীৰ অভিযোগত অ’চিসহ চাৰি আৰক্ষীৰ ৰিজার্ভ ক্ল’জ - অবৈধ জুৱা খেল

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰি আৰক্ষীৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ ৷ ৰিজার্ভ ক্ল’জ কৰা হ’ল চাৰি আৰক্ষীৰ ৷

Four policemen including OC reserve closed for extortion in Goalpara
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু বৰুৱা
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 6:41 AM IST

গোৱালপাৰা, 26 নৱেম্বৰ : ধন লোৱাৰ অভিযোগত ৰিজাৰ্ভ ক্ল'জ কৰা হ’ল আৰক্ষীৰ ৷ গোৱালপাৰাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰি আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰা হয় । ধন দাবীৰ অভিযোগ উত্থাপিত হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰি আৰক্ষীৰ বিৰুদ্ধে ৷ ইয়াৰ পিচতে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

গোৱালপাৰা জিলাৰ একেখন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰিগৰাকীকৈ আৰক্ষীক শেহতীয়াকৈ ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰি আৰক্ষীৰ বিৰুদ্ধে জুৱাৰীক প্ৰহাৰ আৰু ধন দাবীৰ অভিযোগ উত্থাপন হৈছিল ৷

জুৱাৰীক ধন দাবী আৰু প্ৰহাৰ কৰাৰ অভিযোগতে গোৱালপাৰা জিলাৰ ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু বৰুৱাসহ দুই কনিষ্টবল ক্ৰমে- পিংকু বৰুৱা, ৰকিবুল ইছলাম আৰু গাড়ী চালক তথা গৃহৰক্ষী সুকুমাৰ বৰ্মনক আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিয়ে ৰিজাৰ্ভ ক্ল’জ কৰিছে ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ধুমেৰঘাটত চলি থকা অবৈধ জুৱা খেল উচ্ছেদ কৰা সময়ত জুৱাৰীবোৰক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু বৰুৱাৰ নেতৃত্বত দুই কনিষ্টবল আৰু চালকজনে লাঠি চালনা কৰাৰ অভিযোগ উত্থাপন হৈছিল । এই লাঠি চালনাত এগৰাকী লোক আহত হয় বুলিও জানিব পৰা গৈছে । এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ন্যায় বিচাৰি জিলাখনৰ আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দাখিল কৰিছিল ।

তদুপৰি নিতু বৰুৱাৰ বিৰুদ্ধে জুৱাৰীক ধন দাবী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অভিযযোগকাৰীয়ে । এই অভিযোগৰ ভিত্তিতে আৰক্ষী অধীক্ষকগৰাকীয়ে দুদিনমান পূৰ্বে ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰিগৰাকীকৈ আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰে ।

লগতে পঢ়ক : Cyber crime: অপৰাধীৰ বিৰুদ্ধে সদা সষ্টম জি পি সিঙে এইবাৰ কি কৰিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.