ETV Bharat / state

বন বিভাগৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল ছটাকৈ বন্য হস্তীৰ

author img

By

Published : Jan 30, 2022, 8:34 AM IST

Updated : Jan 30, 2022, 12:20 PM IST

গোৱালপাৰা জিলাত বিগত বহু বছৰ ধৰি অব্যাহত আছে হস্তী-মানৱ সংঘাত (Man elephant conflict in Goalpara) ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ আক্ৰমণত কেতিয়াবা যদি মানুহৰ মৃত্যু হৈছে, আন কেতিয়াবা আকৌ বিভিন্ন কাৰণত মৃত্যু মুখত পৰা দেখা গৈছে বন্যহস্তী ৷ এইবাৰ পিচে নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল ছটাকৈ বন্যহস্তী ৷ এটা দ পুখুৰীত বোকাত বন্দী হৈ থকাৰ পৰা বন বিভাগে উদ্ধাৰ কৰিলে হাতী কেইটা ৷

Man elephant conflict in Goalpara
বন বিভাগৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল ছটাকৈ বন্য হস্তীৰ

গোৱালপাৰা, 29 জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত দৈনিক সংঘটিত হৈ আহিছে বন্যহস্তীৰ ত্ৰাসৰ ঘটনা (Wild elephant menace in Assam) । জনাঞ্চলত বন্যহস্তীয়ে প্ৰৱেশ কৰি পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ-বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ কিন্তু খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা বন্যহস্তীয়ে বহুবাৰ ৰাজ্যৰ ভিন্ন ঠাইত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হোৱাও দেখা গৈছে ৷

শনিবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চৈবাৰীত এটা পৰিত্যক্ত দ পুখুৰীত পৰিল ছটাকৈ বন্যহস্তী (Six elephants got stuck in muddy pond )৷ প্ৰায় তিনি ঘন্টা ধৰি দ পুখুৰীত আৱদ্ধ হৈ থাকে হাতীকেইটা ৷ শনিবাৰে বিয়লি ৪ বজাত লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ চৈবাৰীৰ পৰিত্যক্ত দ পুখুৰীটোত পৰে বন্যহস্তীকেইটা(Elephant stuck in pond at Choirabari) ।

অৱশ্যে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগেই ঘটনাস্থলীত উপস্থিত হয় বনকৰ্মীৰ দল । ইয়াৰ পাছতে বন বিভাগৰ দলটোৱে তিনিটা এস্কভেটৰেৰে পুখুৰীৰ পাৰ খান্দি দিয়াৰ ফলত আৱদ্ধ হৈ থকা হাতীকেইটা এটা এটাকৈ পাৰলৈ উঠি আহে আৰু পুনৰ বনাঞ্চললৈ গুচি যায় ।

উল্লেখ্য যে, মেঘালয়ৰ পৰা এটা হাতীৰ বৃহৎ জাক খাদ্যৰ সন্ধানত নামি আহিছে গোৱালপাৰৰ নামনি অঞ্চললৈ । বিগত কেইবামাহ ধৰি গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আছে হাতীৰ জাকটোৱে । এই হাতীৰ জাকটোৱে ইতিমধ্যে কেইবাগৰাকীও লোকৰ প্ৰাণো কাঢ়িছে । ইয়াৰ পূৰ্বেও চৈবাৰীত দুবাৰকৈ দ খাৱৈত আবদ্ধ হৈছিল কেইবাটাও হাতী ৷

উল্লেখ্য যে, বুধবাৰে নিশা অসমৰ কামৰূপ জিলাৰ আজাৰা আৰু মিৰ্জা ষ্টেচনৰ মাজত এখন মালবাহী ৰে'লৰ খুন্দাত এটি বনৰীয়া হাতীৰ মৃত্যু হয় (Wild elephant killed after being hit by train)। এন এফ ৰে'লৱে কৰ্তৃপক্ষৰ মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ২:৫৫ বজাত (ডিএন বিচিএন ই/এছ, লোকো নং ৭০০৯০) নম্বৰৰ মালবাহী ৰে'লখনে খুন্দিওৱাৰ ফলত হাটীটোৰ মৃত্যু হয় ৷

লগতে পঢ়ক : মথাওৰি পাৰ হ’বলৈ গৈ বৈদ্যুতিক তাঁৰত লাগি মৃত্যুক সাৱটিলে গজৰাজে

Last Updated : Jan 30, 2022, 12:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.