ETV Bharat / state

Raid against illegal saw mills:গোৱালপাৰাত অবৈধ কাঠফলা কলৰ বিৰুদ্ধে বনবিভাগৰ অভিযান - গোৱালপাৰা জিলাৰ কৃষ্ণাই খাৰদাঙত অবৈধ কাঠফলা কল

অভিযানত অবৈধ কাঠফলা কলসহ বৃহৎ পৰিমাণৰ শাল-কাঠৰ কুন্দা জব্দ ৷ জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য হ’ব প্ৰায় ডেৰ লক্ষাধিক টকা ।

Raid against illegal saw mills
বনবিভাগৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 5:02 PM IST

বনবিভাগৰ অভিযান

গোৱালপাৰা, 11 ছেপ্টেম্বৰ : গোৱালপাৰা জিলাৰ কৃষ্ণাই খাৰদাঙত অবৈধ কাঠফলা কলৰ বিৰুদ্ধে সোমবাৰে পুৱতি নিশা বনবিভাগে অভিযান চলায় । অভিযান চলাই এটা কাঠফলা কল, দুখনকৈ ট্ৰেক্টৰসহ শাল-কাঠৰ কুন্দা জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ । জানিব পৰা মতে জিলাখনৰ কৃষ্ণাই আঞ্চলিক বনবিভাগৰ অধীনস্থ খাৰদাঙত একাংশ অসাধু চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি অবৈধ কাঠফলা কল বহুৱাই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ।

কৃষ্ণাই আঞ্চলিক বনবিভাগৰ এটি দলে গোপন সূত্ৰৰ পম খেদি পুৱতি নিশা অভিযান চলাই এটা কাঠফলা কল, দুখনকৈ ট্ৰেক্টৰসহ বৃহৎ পৰিমাণৰ শাল-কাঠৰ কুন্দা জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত কাঠৰ কুন্দাখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকা হ’ব বুলি উল্লেখ কৰে বন বিভাগৰ দলে । উল্লেখ্য যে, বন বিভাগৰ দলে গোপন সূত্ৰৰ খবৰ মতে কৃষ্ণাই খাৰদাঙৰ আন এটা অবৈধ কাঠ ফলা কলত অভিযান চলাই যদিও চোৰাং কাঠ ব্যৱসায়ী সকলে বনকৰ্মী অহাৰ উমান পাই কাঠফলা কলটো অইন ঠাইলৈ স্থানান্তৰ কৰি পলায়ন কৰে । ফলত বনকৰ্মীৰ দলে কাঠফলা কলটোৰ পৰা একো জব্দ কৰিবলৈ সক্ষম নহয় ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কৃষ্ণাই খাৰদাঙত দীৰ্ঘদিন ধৰি একাংশ অসাধু চোৰাং ব্যৱসায়ীয়ে একাংশ বন বিভাগৰ লোকক মেনেজ কৰি ৰমৰমীয়া চোৰাং কাঠৰ ব্যৱসায় চলাই আহিছিল । শেহতীয়াভাৱে সংবাদ মাধ্যমত অবৈধ বালি মহল, চোৰাং কাঠৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ হোৱাৰ পিচতে বনবিভাগৰ লোক কঠোৰ হোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, যোৱা শনিবাৰে নিশা গোৱালপাৰা আঞ্চলিক বনবিভাগৰ দলেও কাঠফলা কলৰ বিৰুদ্ধে অভিযান চলাই তিনিটাকৈ কাঠফলা কলসহ বৃহৎ পৰিমাণৰ কাঠৰ কুন্দা জব্দ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : Raid against illegal saw mills: বাক্সাৰ বিভিন্ন প্ৰান্তত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.