গোৱালপাৰা, 31 মে’ : গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ড ৷ সোমবাৰে নিশা গোৱালপাৰা চৰকাৰী বিটি কলেজত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Fire at Goalpara govt BT Collage) । এই অগ্নিকাণ্ডৰ ফলত শিক্ষা প্ৰতিষ্ঠানটোৰ যথেষ্ট ক্ষতিসাধন হয় ৷
জানিব পৰা মতে, নিশা প্ৰায় 12.30 বজাত গোৱালপাৰা চহৰৰ বিঅ’চিস্থিত চৰকাৰী বিটি কলেজৰ এটা কোঠা দাউদাউকে জ্বলি উঠে । নিশাৰ ভাগত স্থানীয় ৰাইজে এই দৃশ্য প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ লোকক ৷ খবৰ পোৱা মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক ৷
আৰক্ষী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডৰ ফলত কলেজখনৰ বহু সা-সম্পত্তি জ্বলি ছাই হৈ যায় ৷ উল্লেখ্য যে, বিগত দুটা বছৰে চৰকাৰে বন্ধ কৰি ৰাখিছিল গোৱালপাৰা চৰকাৰী বিটি কলেজৰ পাঠদান ৷ বন্ধ হৈ থকা কলেজখনত নিশাৰ ভাগত কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ’ল, সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই । একাংশৰ মতে, এনেদৰে নিশাৰ ভাগত জুই লগাৰ ঘটনাত কিবা যেন ৰহস্য ঘনীভূত হৈ আছে ৷
লগতে পঢ়ক : বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত ধুবুৰীত অগ্নিকাণ্ড