ETV Bharat / state

নিশ্চিহ্ন হোৱাৰ দিশে জলেশ্বৰৰ মথাউৰি

author img

By

Published : Jul 6, 2020, 1:49 PM IST

বানৰ সমান্তৰালকৈ গৰাখহনীয়াই ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যত ৷ গোৱালপাৰাৰ জলেশ্বৰৰ চিলাৰভিটাত খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে জনজীৱনৰ প্ৰতি ৷ অঞ্চলবাসীৰ সমস্যাৰ প্ৰতি কাণসাৰ নাই কোনো স্থানীয়জন প্ৰতিনিধিৰ ৷

Erosion at jaleswar goalpara assam etv bharat news
নিশ্চিহ্ন হোৱাৰ দিশে জলেশ্বৰৰ মথাউৰি

গোৱালপাৰা,6 জুলাই: ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ পথত গোৱালপাৰা জিলাৰ জলেশ্বৰৰ মথাউৰি ৷ সম্প্ৰতি জিলাখনৰ খৰমুজা-বেলডুবি সংযোগী মথাউৰিৰ চিলাৰভিটাত গৰা খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত জনজীৱনৰ প্ৰতি সৃষ্টি হৈছে তীব্ৰ প্ৰত্যাহ্বানৰ ৷ মথাউৰিটোৰ প্ৰায় অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোবাৰ ফলত চৌদিশে হাহাকাৰ পৰস্থিতিৰ সৃষ্টি হৈছে ৷ অঞ্চলবাসীয়ে প্ৰাণৰ মমতাত নিৰাপদ স্থানলৈ স্থানান্তৰ হৈছে যদিও এই সম্পৰ্কত অদ্যপি জ্ঞাত নহয় স্থানীয় বিধায়ক চাহাবউদ্দিন আহমেদৰ লগতে সমষ্টিটোৰ সাংসদ বদৰুদ্দিন আজমলৰ ৷ জন প্ৰতিনিধিৰ ভূমিকাৰ বাবে সমষ্টিবাসীয়ে ক্ষুব্ধ হৈ পৰৱৰ্তী নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

নিশ্চিহ্ন হোৱাৰ দিশে জলেশ্বৰৰ মথাউৰি

ইপিনে,এই সমস্যা সন্দৰ্ভত অসম চৰকাৰৰ জল সম্পদ বিভাগেও গ্ৰহণ কৰিছে সোপাঢিলা নীতি ৷ স্থানীয় লোকসকলে বিভাগটোৱে খৰালি শুই থাকি বাৰিষা সাৰ পাই বুলি অভিযোগ উত্থাপন কৰিছে ৷ বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বিপৰীতে মাত্ৰ বাঁহৰ পাৰ্কুপাইন আৰু গছৰ ঠাল-ঠেঙুলি পেলাই দায়িত্ব সামৰে ৷ খহনীয়া ৰোধ কৰিবলৈ শীঘ্ৰে মুখ্যমন্ত্ৰীক উক্ত এলেকা পৰিদৰ্শন কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জলেশ্বৰবাসীয়ে ৷

লগতে চাওকঃ কাৰাগাৰত অসুস্থ অখিল গগৈৰ দেহত কৰ’ণাৰ লক্ষণ: উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.