ETV Bharat / state

Dacoit arrested: দুধনৈ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত

author img

By

Published : Oct 25, 2022, 6:13 PM IST

দুধনৈ আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ শৰাইঘাট দলঙৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিটা দুৰ্ধৰ্ষ ডকাইতক (3 Dacoit arrested)। ১৮ অক্টোবৰত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইটি কাণ্ড ৷ উক্ত ডকাইতি কাণ্ডত জড়িত আছিল ডকাইতকেইটা ।

Dacoit arrested
দুধনৈ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত

গোৱালপাৰা,২৫ অক্টোবৰ : দীপাৱলীৰ নিশা দুধনৈ আৰক্ষীৰ বৃহৎ সফলতা । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনিটাকৈ দুৰ্ধৰ্ষ ডকাইত ৷ দুধনৈ আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ শৰাইঘাট দলঙৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় দুৰ্ধৰ্ষ ডকাইতকেইটাক ৷ ধৃত দুৰ্ধৰ্ষ ডকাইতকেইটা ক্ৰমে বকোৰ বৰুৱাপথাৰৰ আজিজুদ্দিন আহমেদ, কৃষ্ণাই আশুডুবীৰ মহিদুল আলী আৰু বৰপেটাৰ ৰাজিবুল হক (Dudhnoi police arrests 3 dacoits) ৷

দুধনৈ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত

দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা ১৮ অক্টোবৰত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতিকাণ্ড (Dudhnoi dacoity case)৷ দুধনৈৰ লেলাত ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ দলে নিশা প্ৰায় ১০.৩০ মান বজাত বাহনসহ লুট কৰি নিছিল ১৯ লাখ ৫০ হাজাৰ টকা ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে গুৱাহাটীৰ পৰা লক্ষীপুৰলৈ গৈ থকা এজন ব্যৱসায়ীৰ বাহনখনক একে দিশৰ পৰা এখন বগা ৰঙৰ বাহনত অহা ডকাইতৰ দলে আগচি ধৰিছিল ৷ তাৰ পাছতে চালকসহ ব্যৱসায়ীজনক নিজৰ বাহনৰ পৰা নমাই ডকাইতৰ দলটোৰ বাহনত উঠাই লয় ।

কিছুদূৰ গৈ চালকসহ ব্যৱসায়ীজনক বাহনৰ পৰা নমাই দি টকাসহ ব্যৱসায়ীজনৰ বাহনখন লৈ উধাও হয় ডকাইতৰ দলটো ৷ পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগী ব্যৱসায়ীজনে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে । যোৱা দুটা দিন ধৰি অভিযান চলোৱাৰ অন্তত দুধনৈ আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গুৱাহাটীৰ শৰাইঘাট দলঙৰ পৰা আটক কৰিবলৈ সক্ষম হয় ডকাইত কেইটাক (Dacoit arrested in Saraighat Bridge)৷ অৱশ্যে আন কেইবাটাও ডকাইত পলাই যাবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে ধৃত তিনিওটা ডকাইতক দুধনৈ থানালৈ লৈ গৈ জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ডকাইতিকাণ্ডৰ মাষ্টাৰ মাইণ্ড আজিজুদ্দিন আহমেদ এটা দুৰ্ধৰ্ষ ডকাইত ৷ আজিজুদ্দিনৰ নেতৃত্বতে গুৱাহাটীৰ পৰা গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত পূৰ্বে কেইবাটাও ডকাইতিৰ ঘটনা সংঘটিত হৈছে ৷

আনহাতে ছয়গাঁও, বকো, কৃষ্ণাই আৰু দুধনৈ থানাত পূৰ্বেও কেইবাটাও গোচৰত অভিযুক্ত আজিজুদ্দিন ৷ চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰ লগত কেইবাজনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে ধৃত ডকাইত কেইটাৰ লগতে ডকাইটতিকাণ্ডত ব্যৱহৃত বাহনখনো জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :Clash in Vadodara : গুজৰাটত ফটকা ফুটুৱাক লৈ দুটা ফৈদৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.