ETV Bharat / state

গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি

author img

By

Published : Jun 18, 2022, 5:42 PM IST

Updated : Jun 18, 2022, 8:05 PM IST

গোৱালপাৰা জিলাৰ কৃষ্ণাই উন্নয়ন খণ্ডত দুই দালালৰ দপদপনি । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি (Corruption under PMAY scheme)। ধনৰ বিনিময়ত হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ ।

corruption
গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি

গোৱালপাৰা,১৮ জুন : গোৱালপাৰা জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি (Corruption in PMAY scheme in Goalpara)। জিলাখনৰ কৃষ্ণাই উন্নয়ন খণ্ডত দুই দালালে সংঘটিত কৰিছে এই দুৰ্নীতি । অভিযুক্ত দুই দালাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

অভিযোগ অনুসৰি গোৱালপাৰাৰ কৃষ্ণাই উন্নয়ন খণ্ডত দীৰ্ঘদিন ধৰি দুই দালালৰ দপদপনি চলি আহিছে (PMAY scheme corruption)। উন্নয়ন খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ চূড়ান্ত গাফিলতিৰ বাবেই বিভিন্ন আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ কৰিছে স্থানীয় লোকসকলে । ইফালে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত ধাইগাওঁ পঞ্চায়তত বইদুল ইছলাম আৰু ৰবিউল ইছলাম নামৰ দুজন লোকৰ বিৰুদ্ধে দালালৰাজ চলোৱাৰ অভিযোগ তুলিছে স্থানীয় ভুক্তভোগী একাংশ লোকে ।

দালালৰূপী সেই দুই ব্যক্তিক ৮ ৰ পৰা ১০ হাজাৰ টকা উৎকোচ নিদিলে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাৰো অভিযোগ উঠিছে । আনহাতে খণ্ড বিষয়াগৰাকীৰ নিষ্ক্ৰিয় ভূমিকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ৬৪ নং ধাইগাঁও পঞ্চায়তত সভানেত্ৰী ডালিমী দৈমাৰীয়ে গৃহ অনুদানৰ বাবে জিঅ' টেগ কৰাৰ নামত দালাল দুজনৰ জৰিয়তে ধন সংগ্ৰহ অভিযান চলাইছে বুলি হিতাধিকাৰীয়ে অভিযোগ উত্থাপন কৰিছে ।

দালাল কেইজনে প্ৰথমতে দুই-তিনি হাজাৰকৈ টকা লয় আৰু প্ৰথম কিস্তি পোৱাৰ পিছতে ৫ হাজাৰকৈ টকা দিব লাগিব বুলি হিতাধিকাৰীক দাবী কৰে । আনহাতে চৰকাৰী গৃহ অনুদানৰ বাবদ উৎকোচ দিবলৈ অপাৰগ ধাইগাওঁ পঞ্চায়তৰ চৰ্দাৰপাৰা গাঁৱৰ কেইবাগৰাকী হিতাধিকাৰীক ঘৰ দিয়া নহ'ব বুলিও ধমক দিয়ে দালাল কেইটাই । ইফালে বৰপেটা জিলাৰ মইনবৰ চৰকে ধৰি বিভিন্ন স্থানৰ পৰা অহা একাংশ লোকে পঞ্চায়তখনৰ ভিন্ন এলেকাত নতুনকৈ বসবাস কৰিবলৈ লৈছে ।

পঞ্চায়তৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম নাই যদিও বৃহৎ ধনৰ বিনিময়ত দালালকেইটাই কেইবাটাও পৰিয়ালৰ নাম গৃহ অনুদানৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে বুলিও একাংশ লোকে অভিযোগ কৰিছে । ইয়াৰ পৰিৱৰ্তে গাঁওখনৰ বহু দুখীয়া পৰিয়ালৰ নাম তালিকাত অন্তৰ্ভুক্ত নহ'ল বুলিও ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী লোকসকলে ।

লক্ষণীয়ভাৱে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দালালৰাজৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা কোৱাৰ পাছতো এনেদৰে জিলাখনত দালালৰ দপদপনি দেখিবলৈ পোৱা গৈছে । যাৰ বাবে জিলাখনত দালালৰাজ বন্ধ কৰিবলৈ ৰাইজে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে ।

লগতে পঢ়ক:Miscreants Snatch 10 Lakh: মহানগৰীত পুনৰ ধন লুটৰ ঘটনা

Last Updated : Jun 18, 2022, 8:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.