ETV Bharat / state

দুধনৈত ৰাভা-হাছং স্বায়ত্বশাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান

মুখ্যমন্ত্ৰীৰ কৃষি সঁজুলি যোজনাৰ শুভাৰম্ভ কৰি কৃষকক এক কালীন পাঁচ হাজাৰ টকাৰ চেক প্ৰদান

ৰাভা-হাছং স্বায়ত্বশাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান
author img

By

Published : Feb 13, 2019, 8:47 PM IST

গোৱালপাৰা,১৩ ফেব্ৰুৱাৰী: বুধবাৰে গোৱালপাৰাৰ দুধনৈত অনুষ্ঠিত হয় ৰাভা-হাছং স্বায়ত্বশাসন পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ৰাভা-হাছং স্বায়ত্বশাসন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে পুনৰবাৰ টংকেশ্বৰ ৰাভাই শপত গ্ৰহণ কৰে । উল্লেখ্য যে অধ্যক্ষ চাৰুমোহন ৰাভাৰ সৈতে নিৰ্বাচিত আটাইকেইগৰাকীকে শপত বাক্য পাঠ কৰোৱাই নামনি অসমৰ আয়ুক্ত নিতিন শিৱদাসে।

ইপিনে এই সভাত ৰাভা-হাছং স্বায়ত্বশাসন পৰিষদৰ আটাইকেইজন সদস্যক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভেচ্ছা জ্ঞাপন কৰে । লগতে এই সভাতে মুখ্যমন্ত্ৰীৰ কৃষি সঁজুলি যোজনাৰো শুভাৰম্ভ কৰা হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আঁচনিৰ শুভাৰম্ভ কৰি কৃষিখণ্ডত আগৰণোৱা হিচাপে পৰিচিত দুধনৈত এখন কৃষি বিশ্ববিদ্যালয়ৰ কেম্পাছ নিৰ্মাণ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । ইয়াৰলগতে একাংশ কৃষকলৈ কৃষি সঁজুলি ক্ৰয়ৰ বাবে এক কালীন পাঁচ হাজাৰ টকাৰ চেক প্ৰদান কৰি এই আঁচনিৰ শুভাৰম্ভ কৰে ।

ইফালে এই সভাৰ অন্তত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন নোহোৱাৰ বাবে অসমীয়াৰ বৃহৎ ক্ষতি হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । যাৰ বাবে ১৭ খনকৈ বিধানসভা সমষ্টি বাংলাদেশী মুছলমানৰ হাতলৈ যাব বুলিও মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

undefined

Anchor+V O :- মুখ্যমন্ত্ৰীৰ কৃষি সজুলি যোজনাৰ শুভাৰম্ভ গোৱালপাৰাৰ দুধনৈত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আঁচনিৰ শুভাৰম্ভ কৰে। দুধনৈ ৰাজহুৱা খেতিপথাৰত আয়োজিত সভাত একাংশ কৃষকলৈ কৃষি সজুলি ক্ৰয় কৰাৰ বাবে একালীন পাঁচ হাজাৰ টকা চেক দি এই আঁচনিৰ শুভাৰম্ভ কৰিলে।
ৰাভা-হাছং স্বায়ত্বশাসন পৰিষদৰ শপথ গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ৰাজ্যখনৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে এই শপথ গ্ৰহণ অনুষ্ঠানত। ৰাভা-হাছং স্বায়ত্বশাসন পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য হিচাপে পুনৰ টংকেশ্বৰ ৰাভাই শপথ গ্ৰহণ কৰাৰ লগতে আৰু অধ্যক্ষ চাৰুমোহন ৰাভাৰ সৈতে নিৰ্বাচিত আটাইকেইগৰাকীক শপথ বাক্য পাঠ কৰোৱায় নামনি অসমৰ আয়ুক্ত নিতিন শিৱদাস। সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাভা-হাছং স্বায়ত্বশাসন পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ভাষণ প্ৰদান কৰে। ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন নোহোৱাৰ বাবে অসমীয়াৰ বৃহৎ ক্ষতি হ'ব আৰু 18 খনকৈ বিধানসভা সমষ্টি ইতিমধ্যে বাংলাদেশীয় মূলৰ মুছলমানে দখল কৰিছে। আৰু বাকীবোৰতো প্ৰভাৱ বিস্তাৰ কৰাটো নিশ্চিত। অসমীয়াৰ ভাষা-সংস্কৃতি বিপন্ন কৰিব মীঞাই বুলি সাংবাদিকৰে হোৱা বাৰ্তালাপত উল্লেখ কৰে।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.