ETV Bharat / state

ছিগা দলঙে জলাকলা খুৱাইছে জলশ্বৰৰ ৰাইজক

author img

By

Published : Aug 22, 2020, 4:53 AM IST

চিলাৰভিটাৰ ভগ্ন মথাউৰিৰ ঠায়েদি বানৰ কোৱাল সোঁত প্ৰৱেশ কৰি উটুৱাই নিছিল জলেশ্বৰ,ভালুকমাৰীত গড়কাপ্তানী পথৰ ওপৰত থকা দলংখনৰ দুয়ো পাৰ । যাৰ ফলত দুৰ্যোগৰ সন্মুখীন হৈছে অঞ্চলবাসী ।

broken bridge
broken bridge

গোৱালপাৰা, 21 আগষ্ট : গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ভালুকমাৰীত হাহাকাৰ পৰিস্থিতি। বানৰ কোবাল সোঁতে জলেশ্বৰ ধুমেৰঘাট সংযোগী পথটোৰ ওপৰত থকা আৰ.ছি.ছি. দলংখনৰ দুয়ো পাৰৰ মাটি উটুৱাই নিয়াত দুৰ্যোগৰ সন্মুখীন হৈছে অঞ্চলবাসী ।

broken bridge
ৰাইজে সাজিলে বাঁহৰ সাঁকো

উল্লেখযোগ্য যে, চিলাৰভিটাৰ ভগ্ন মথাউৰিৰ ঠায়েদি বানৰ কোৱাল সোঁত প্ৰৱেশ কৰি উটুৱাই নিছিল জলেশ্বৰ,ভালুকমাৰীত গড়কাপ্তানী পথৰ ওপৰত থকা দলংখনৰ দুয়ো পাৰ । কিন্তু বৰ্তমানলৈকে এইসকল লোকৰ খবৰ ল’বলৈ আহৰি পোৱা নাই স্থানীয় বিধায়ক চাহাব উদ্দিন আহমেদ আৰু সাংসদ বদৰুদ্দিন আজমলে ।

ছিগা দলঙে জলশ্বৰত জলাকলা খুৱাইছে ৰাইজক

আনফালে জিলা প্ৰশাসনেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । ব্যক্তিগত ধনেৰে অঞ্চলবাসীৰয়ে কোনোমতে বাঁহৰ সাঁকো নিৰ্মাণ কৰি যাতায়তৰ বাবে সুবিধা কৰি লৈছে সাই স্থানত । আনফালে স্থানীয় ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগী, গৰ্ভৱতী মহিলাই যাতায়তৰ ক্ষেত্ৰত চৰম যাতনা ভুগিব লগা হৈছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে । এনে অৱস্থাত চৰকাৰ অথবা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে।

লগতে পঢ়ক : পদ প্ৰাদেশীকৰণ নকৰাক লৈ হতাশাত ৰাজ্যৰ গ্ৰন্থাগাৰিকসলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.